মহাকুম্ভমেলাত পদপিষ্ট!মৌনী অমাৱস্যাতে প্ৰয়াগৰাজৰ মহাকুম্ভত বহু ভক্তৰ সৈতে শোকাৱহ ঘটনা

নিউজ ডেক্স, ২৯ জানুৱাৰীঃ
প্ৰয়াগৰাজত চলি থকা মহাকুম্ভত পদপিষ্টৰ ঘটনা। ত্ৰিবেণী সংগমত আজি পুৱা স্নানৰ সময়তে বহু লোক পদপিষ্ট হোৱাৰ দৰে ঘটনা সংঘটিত হয়৷ এই ঘটনাত বহু লোকৰ প্ৰাণ যোৱাৰো আশংকা কৰা হৈছে। আহত হৈছে বহুজন লোক। আনফালে চিকিৎসালয়ত মৃত্যুৰে যুঁজিছে কেইবাগৰাকীও ভক্ত। পুৱতি নিশা সংঘটিত হয় এই পদপিষ্টৰ ঘটনা।
জানিব পৰা অনুসৰি মৌনী অমাৱস্যা উপলক্ষে কোটি কোটি লোকে প্ৰয়াগৰাজত ভিৰ কৰিছে। সকলো ভক্তই বুধবাৰে ত্ৰিবেণী সংগমত ‘অমৃত স্নান’ কৰিবলৈ একত্ৰিত হয়। সেই সময়তে ভক্তৰ ভিৰ আৰু দৌৰাদৌৰিৰ ফলতে এই পদপিষ্টৰ ঘটনা সংঘটিত হয়। প্ৰশাসনে বাৰে বাৰে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিছিল। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীৰ লগতে সেনা আৰু NSG মোতায়েন কৰিছে।
উল্লেখ্য যে, পদপিষ্ট হৈ বহু লোক আহত হোৱাৰ লগতে ১০ জনতকৈ অধিক নিহত হোৱা বুলি আশংকা কৰা হৈছে । একেদৰে আহত সকলক ততাতৈয়াকৈ মহাকুম্ভ মেলাৰ বাবে ব্যৱস্থা কৰা হাস্পতালত ভৰ্তি কৰা হৈছে বুলি জানিব পৰা গৈছে । অৱশ্যে কিমানজন লোকে নিহত আৰু আহত হৈছে সেই তথ্য এতিয়া নিশ্চিত কৰিব পৰা নাই ।
আজিৰ দিনটোতে ১০ কোটি লোকে স্নান কৰাৰ সম্ভাৱনা আছিল। এই ঘটনাক লৈ প্ৰধানমন্ত্ৰী মোদীয়ে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথলৈ ফোন কৰি সমগ্ৰ ঘটনাৰ বুজ লয়। গৃহ মন্ত্ৰালয়ে ঘটনা নিয়ন্ত্ৰণৰ বাবে সম্পূৰ্ণ সহযোগিতাৰ আশ্বাস দিছে কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহে