NationalUncategorized
সৰস্বতী পূজাৰ দিনাই প্ৰেমিক-প্ৰেমিকাই কৰিলে ভয়ংকৰ ঘটনা

নিউজ ডেক্স, ৪ ফ্ৰেব্ৰুৱাৰীঃ
সৰস্বতীৰ পূজাৰ দিনাই নলবাৰীত শিহৰণকাৰী ঘটনা। একলগে বিহপান কৰিলে প্ৰেমিক-প্ৰেমিকাই। জানিব পৰা মতে নলবাৰীৰ বৰমাৰ কদমতলত সংঘটিত হৈছে এই ঘটনা। এই ঘটনাৰ পাছতে দুই প্ৰেমিক- প্ৰেমিকাক হাস্পাতালত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসাধীন অৱস্থাত মৃত্যু হয় ১৭ বছৰীয়া কিশোৰীগৰাকীৰ। ইফালে এতিয়াও চিকিৎসালয়ৰ বিচনাত জীৱন-মৃত্যুৰে যুঁজি আছে ১৮ বছৰীয়া যুৱকজন।
বৰমাৰ এখন ব্যক্তিগত বিদ্যালয়ত অধ্যয়নৰত আছিল দুয়োগৰাকী। পুৱাৰ ভাগতে ঘৰৰ পৰা ওলাই আহিছিল দুয়ো কিশোৰ-কিশোৰী।
ইফালে অভিযোগ অনুসৰি পূৰ্বেও এনেধৰণে বিহ পান কৰিছিল কিশোৰীগৰাকী। তেওঁক প্ৰেমিকে এইদৰে বিহপান কৰিবলৈ বাধ্য কৰাইছিল। তেওঁ নিজেও প্ৰেমিকাৰ সন্মুখত বিহপান কৰাৰ অভিনয় কৰিছিল। উল্লেখ্য যে, এই সমগ্ৰ ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।