আজি মহাশিৱৰাত্ৰি দিনাই সামৰণি পৰিব প্ৰয়াগৰাজৰ মহাকুম্ভমেলা

নিউজ ডেক্স, ২৬ ফেব্ৰুৱাৰীঃ
যোৱা ১৩ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা মহাকুম্ভৰ আজি সামৰণি পৰিব মহাশিৱৰাত্ৰিৰ দিনাই৷ প্ৰয়াগৰাজত ৪৫ দিনীয়া মহাকুম্ভৰ আজি অন্তিমটো পবিত্ৰ স্নান। এই মহা কুম্ভমেলাত বৰ্তমানলৈকে কেইবা কোটি ভক্তই পুন্যস্নান কৰি আহিছে। প্ৰথম দিনাৰে পৰা অন্তিম দিনালৈকে প্ৰয়াগৰাজৰ ত্ৰিবেণী সংগমত সমবেত হয় দেশ–বিদেশৰ ভক্তসকলে। ইতিমধ্যে আজি পুৱাৰে পৰা বহু লাখ ভক্তই স্নান কৰিলে। বর্তমানেও অব্যাহত আছে স্নান পর্ব। মহা কুম্ভমেলাৰ সামৰণি অনুষ্ঠানৰ লগত সংগতি ৰাখি বুধবাৰে প্ৰয়াগৰাজত বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী, আধ্যাত্মিক অনুষ্ঠান, ধৰ্মীয় সমদলকে ধৰি সমবেশ ঘটিব বিশ্বৰ বিভিন্ন প্ৰান্তৰ সাধু–সন্যাসী আৰু কেইবা হাজাৰ ভক্তৰ। উল্লেখ্য যে প্ৰয়াগৰাজত অনুষ্ঠিত এইবাৰৰ মহাকুম্ভমেলাত বহু কোটিৰ অধিক ভক্তই পুন্যস্নান সমাপন কৰে। যোৱা ২৯ জানুৱাৰীৰ মৌনী অমাৱস্যাত পৱিত্ৰ স্নানৰ বাবে ত্ৰিবেণী সংগমত কেইবা কোটি ভক্ত সমৱেত হোৱাৰ সময়তে পদপিষ্ট ঘটনাত প্ৰাণ হেৰুৱাবলগীয়া হয় ৩০জনৰো অধিক ভক্তই।
আজি ভক্তৰ ব্যাপক উপস্থিতিৰ পৰিপ্ৰেক্ষিতত মহাকুম্ভৰ সামৰণি দিনটোৰ বাবে আৰক্ষীয়ে কঠোৰ ব্যৱস্থা কৰি অতিৰিক্ত বাহিনী মোতায়েন কৰিছে। ভক্তসকলৰ প্ৰয়াগৰাজ ভ্ৰমণ সহজ কৰি তুলিবলৈ প্ৰশাসনে ৰে’লৱে আৰু বিমানবন্দৰ কৰ্তৃপক্ষৰ সৈতে উন্নত সমন্বয় নিশ্চিত কৰি যাত্ৰীসকলক উন্নত ব্যৱস্থাপনা প্ৰদান কৰিছে। পুৱা ৪ বজালৈকে ২৫.৬৪ লাখ লোকে স্নান গ্ৰহণ কৰিলে, যাৰ ফলত মহা কুম্ভত গা স্নান কৰা ভক্তৰ সংখ্যা ৬৫.০২ কোটিলৈ বৃদ্ধি পালে। পুৱা ৬ বজালৈ অহা তথ্য অনুসৰি, ৪১ লাখ ১১ হাজাৰ লোকে ইতিমধ্যে গ্ৰহণ কৰিলে স্নান।