National

ৰাজ্যৰ লাখ লাখ লোকে লাভ কৰিব চৰকাৰী ঘৰৰ প্ৰথমটো কিস্তী

নিউজ ডেক্স, ১৯ মাৰ্চঃ

কেৱল পৰিকল্পনা নহয় বাস্তৱত চৰকাৰী বাসগৃহ প্ৰদানৰ কাম সফল কৰে ৰাজ্য চৰকাৰে।আজি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই পলাশবাৰীৰ ৰামপুৰত অনুষ্ঠিত কেন্দ্রীয় অনুষ্ঠানত প্ৰধানমন্ত্ৰী আৱাস যোজনা-গ্ৰামীণৰ ৩,৮৮,৩৫৮ জন হিতাধিকাৰীক অনুমোদন পত্ৰ বিতৰণ কৰে।

এই পদক্ষেপটোৰ অংশ হিচাপে ৩৭,৫০০ টকাৰ প্ৰথম কিস্তি ৰাজ্যৰ তিনি লক্ষাধিক লোকে লাভ কৰিব।তেওঁলোকৰ ঘৰ নিৰ্মাণত সহায় কৰিবলৈ আজিৰ পৰা আৰম্ভ হোৱা এই কাৰ্যসূচীৰ জৰিয়তে হিতাধিকাৰীৰ বেঙ্ক একাউণ্টত জমা দিয়া হ’ব।

হিতাধিকাৰী তালিকাত অন্তৰ্ভুক্ত নোহোৱা অথচ যোগ্যসকলৰ বাবে ১৭ৰ পৰা ২৬ মাৰ্চৰ ভিতৰত ৰাজ্যজুৰি এক জিঅ’-টেগিং জৰীপ কৰা হ’ব। ৰাজ্যৰ মুখ্যমন্ত্রীয়ে সমূহ যোগ্য গাঁওবাসীক প্রধানমন্ত্রী আৱাস যোজনা-গ্রামীণৰ লাভালাভ প্ৰাপ্ত কৰিবলৈ তেওঁলোকৰ ঘৰসমূহ জিঅ’-টেগ কৰিবলৈ আহ্বান জনাই আৰু এটি ধুনীয়া বাসগৃহ লাভ কৰিবলৈ আহ্বান জনায়।যাৰ ফলত হিতাধিকাৰীয়ে নিজৰ এটি ঘৰৰ সপোনে দিঠকৰ ৰূপ লাভ কৰিব।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button