প্ৰাক্তন প্ৰধানমন্ত্ৰী ড° মনমোহন সিঙৰ বিষয়ে জানক সবিশেষ
নিউজ ড়েক্স, ২৭ ডিচেম্বৰঃ
সকলোৰে মন জয় কৰি যোৱা মানুহজন নোহোৱা হ’ল৷ প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিং আৰু নাই। দীৰ্ঘদিন হৈ অসুস্থ হৈ থকা বৰ্ষীয়ান ৰাজনৈতিক নেতাজনৰ স্বাস্থ্যৰ অৱনতি ঘটাৰ বাবে আজি দিল্লী এইমছত ভৰ্তি কৰোৱা হৈছিল যদিও তেওঁ এইমছতে শেষ নিশ্বাস ত্যাগ কৰে। ৯২ বছৰ বয়সত দিল্লীৰ AIIMSত শেষ নিশ্বাস ত্যাগ কৰে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে। ১৯৩২ চনৰ ২৬ ছেপ্টেম্বৰত জন্ম হৈছিল ড০ সিঙৰ। কেৰাচিনৰ চাকিৰ পোহৰত পঢ়া-শুনা কৰি উচ্চ শিক্ষা লাভ কৰিছিল মনমোহন সিঙে। মনমোহন সিঙে অমৃতসৰৰ হিন্দু কলেজত অধ্যয়ন কৰিছিল। তাৰপাছত পঞ্জাৱ বিশ্ববিদ্যালয়ৰ পৰা ১৯৫২ চনত স্নাতক ডিগ্ৰী আৰু ১৯৫৪ চনত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। অক্সফ’ৰ্ডৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল মনমোহন সিঙে। ১৯৫৭ চনত কেমব্ৰিজ বিশ্ববিদ্যালয়ৰ পৰা ইকনমিক্স ট্ৰাইপছ সফলতাৰে সমাপ্ত কৰে মনমোহন সিঙে আৰু অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ পৰা ডিফিলো কৰিছিল।
১৯৭২ চনত মনমোহন সিং বিত্ত মন্ত্ৰালয়ৰ মুখ্য উপদেষ্টা আৰু ১৯৭৬ চনত বিত্ত মন্ত্ৰালয়ৰ সচিব হয়। ১৯৮২ চনৰ পৰা ১৯৮৫ চনলৈ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ড০ মনমোহন সিঙে। ১৯৮৫ চনৰ পৰা ১৯৮৭ চনলৈ ভাৰতীয় পৰিকল্পনা আয়োগৰ উপ-সভাপতি আছিল। ১৯৯১ চনত তেওঁ বিশ্ববিদ্যালয় অনুদান আয়োগৰ (UGC) অধ্যক্ষ হিচাপে নিযুক্তি লাভ কৰে। পিছলৈ ১৯৯১ চনৰ জুন মাহত পি ভি নৰসিংহ ৰাওৰ কেবিনেটত বিত্তমন্ত্ৰী হিচাপে নিযুক্তি লাভ কৰে। অসমৰ পৰা ১৯৯১ চনত ৰাজ্যসভাত নিৰ্বাচিত হোৱা মনমোহন সিং ১৯৯৫, ২০০১, ২০০৭ আৰু ২০১৩ চনত পুনৰ নিৰ্বাচিত হয়। মনমোহন সিং ২০০৪ চনৰ ২২ মে’ত ভাৰতৰ চতুৰ্দশ প্ৰধানমন্ত্ৰী হয়।
কৰ্মজীৱনত ড০ সিঙে বহু বঁটা আৰু সন্মানেৰে সন্মানিত হ’ল। ১৯৮৭ চনতে তেওঁ লাভ কৰিছিল ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মভূষণ। তেওঁ ১৯৯৫ চনত ভাৰতীয় বিজ্ঞান কংগ্ৰেছৰ জৱাহৰলাল নেহৰু জন্ম শতবাৰ্ষিকী বঁটাও লাভ কৰিছিল।
১৯৯৩ আৰু ১৯৯৪ চনত তেওঁ বিত্ত মন্ত্ৰীসকলৰ বাবে আগবঢ়োৱা ‘এছিয়া মানি’ বঁটা লাভ কৰে। ১৯৯৩ চনত তেওঁ বছৰটোৰ শ্ৰেষ্ঠ বিত্ত মন্ত্ৰী হিচাপে ‘ইউৰো মানি’ বঁটা লাভ কৰিছিল। ছাত্ৰ অৱস্থাত ১৯৫৬ চনত, ড০ সিঙে কেমব্ৰিজ বিশ্ববিদ্যালয়ৰ পৰা এডাম স্মিথ বঁটা লাভ কৰিছিল।
ড০ সিঙক জাপানৰ নিহোন কেইজাই চিম্বুন কোম্পানীয়ে সন্মানিত কৰিছিল। কেমব্ৰিজ আৰু অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ দৰে বহুতো বিশ্ববিদ্যালয়ৰ দ্বাৰাও সন্মানীয় ডিগ্ৰী লাভ কৰিছিল।
দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা ভাৰতীয় অৰ্থনীতিৰ সংস্কাৰ সাধক ড০ মনমোহন সিঙৰ মৃত্যুত শোকস্তৱদ্ধ দেশবাসী। সমান্তৰালকৈ দেশৰ ৰাজনৈতিক ক্ষেত্ৰৰ লগতে আন আন ভিন্ন ক্ষেত্ৰৰ লোকসকলেও প্ৰধানমন্ত্ৰীগৰাকীৰ বিয়োগত শোক প্ৰকাশ কৰিছে। প্ৰাক্তন প্ৰধানমন্ত্ৰাগৰাকীৰ প্ৰতি সন্মান জনাই ঘোষণা কৰা হ’ব ৰাষ্ট্ৰীয় শোক। ইয়াৰ উপৰি ড০ সিঙৰ অন্ত্যোষ্টিক্ৰিয়া সম্পূৰ্ণ ৰাষ্ট্ৰীয় মৰ্যাদাৰে সম্পন্ন কৰা হ’ব বুলি চৰকাৰী সূত্ৰে জানিব পৰা গৈছে।
শনিবাৰে ৰাষ্ট্ৰীয় মৰ্যাদাৰে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ শেষকৃত্য সম্পন্ন কৰা হ’ব।