বলীউদৰ কেইবাজনো তাৰকালৈ আহিল হ*ৰ ভাবুকি ভৰা বাৰ্তা

নিউজ ডেক্স, ২৩ জানুৱাৰীঃ
বলীউদৰ কেইবাজনো তাৰকালৈ মৃত্যুৰ ভাবুকি আহিছে৷ ইমেইলৰ জৰিয়তে ভাবুকি লাভ কৰিছে। অভিনেতা ৰাজপাল যাদৱ, ৰেমো ডিছৌজা, কপিল শৰ্মা আৰু সুগন্ধা মিশ্ৰক ভাবুকি পোৱাৰ অভিযোগ উত্থাপন কৰিছে।। ৰাজপাল যাদৱৰ পত্নীয়ে দাখিল কৰা এজাহাৰৰ ভিত্তিত আম্বলি আৰক্ষীয়ে বিএনএছৰ ৩৫১(৩) ধাৰাত এজন অচিনাকি ব্যক্তিৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে। সুগন্ধা মিশ্ৰ আৰু ৰেম’ ডি’ছুজাইও এজাহাৰ দাখিল কৰিছে।
ভাবুকিভৰা ই-মেইলতো লিখা হৈছে যে সকলোৱে ৮ ঘণ্টাৰ ভিতৰত উত্তৰ দিব লাগিব।
ইমেইলটোত লিখা আছিল, ‘আপোনাৰ প্ৰতিটো খোজ নিৰীক্ষণ কৰা হৈছে। এটা স্পৰ্শকাতৰ বিষয় আমি আপোনালোকৰ দৃষ্টিগোচৰ কৰাটো গুৰুত্বপূৰ্ণ। এইটো কোনো ৰাজহুৱা ষ্টাণ্ট বা আপোনাক হাৰাশাস্তি কৰাৰ চেষ্টা নহয়।’
ইয়াৰ লগতে ইমেইলত এটা ভাবুকিও দিয়া হৈছে যে, এই বাৰ্তাটোক অতি গুৰুত্বসহকাৰে ল’ব লাগে আৰু এই সন্দৰ্ভত গোপনীয়তা বৰ্তাই ৰাখিব লাগে। তেনে নকৰিলে পৰিণতি অতি গুৰুতৰ হ’ব পাৰে, যিয়ে তেওঁলোকৰ ব্যক্তিগত জীৱনত প্ৰভাৱ পেলাব পাৰে।
লগতে অহা ৮ ঘণ্টাৰ ভিতৰত বাৰ্তাৰ উত্তৰ দিব লাগিব। যদি এনেকুৱা নহয়, তেন্তে এই বিষয়টো গুৰুত্বসহকাৰে লোৱা লৈ ইয়াৰ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব বুলিও ভাবুকি প্ৰদান কৰে। আৰক্ষীয়ে জানিবলৈ চেষ্টা কৰি আছে যে এই ই-মেইলবোৰ কোনে প্ৰেৰণ কৰিছে। অৱশ্যে, কোনো তাৰকাই ই-মেইলযোগে ভাবুকি লাভ কৰা এয়া প্ৰথম ঘটনা নহয়। যোৱা বছৰৰ আৰম্ভণিতে চলমান খানেও কেইবাবাৰো ভাবুকি লাভ কৰিছিল।