Cultural

ঝুমইৰ বিনন্দিনীঃ ঐতিহাসিক ক্ষণৰ বাবে সাজু সৰুসজাই ষ্টেডিয়াম, ইতিহাস ৰচিব ঝুমুৰ নৃত্যই

নিউজ ডেক্স, ২৪ ফেব্ৰুৱাৰীঃ
আজি ইতিহাস ৰচিব ঝুমুৰ নৃত্যই। একেলগে একেটা স্থানত ৮ সহস্ৰাধিক নাচনীয়ে একেলগে পৰিৱেশন কৰিব ঝুমুৰ নৃত্য। এই ঐতিহাসিক ক্ষণৰ সাক্ষী হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। মাদলৰ শব্দত লাচনীৰ লয়লাস ভংগীৰে উদ্ভাসিত হৈ পৰিব সৰুসজাই ষ্টেডিয়াম।
এই ঐতিহাসিক দিনটোৰ বাবে বিগত কিছুদিন ধৰি চলিছিল অনুশীলন। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা ঝুমুৰ শিল্পীসকলে আহিছিল গুৱাহাটীত। উল্লেখযোগ্য যে বিহুৰ পিছত অসম চৰকাৰে চাহ জনগোষ্ঠীয় লোকসকলৰ চহকী সংস্কৃতি ঝুমুৰ নৃত্যক বিশ্বমুখী কৰাৰ প্ৰয়াসেৰে এই বিশাল আয়োজন কৰিছে।
ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে ‘ঝুমইৰ বিনন্দিনী’ অনুষ্ঠানত অংশ লোৱা প্ৰতিগৰাকী শিল্পীলৈ আগবঢ়োৱা হ’ব ২৫ হাজাৰকৈ টকা।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button