জম্মু-কাশ্মীৰৰ শ্ৰীনগৰত সন্ত্ৰাসবাদীৰ ভয়াৱহ আক্ৰমণ

নিউজ ডেক্স, ৩ নৱেম্বৰঃ জম্মু-কাশ্মীৰৰ শ্ৰীনগৰৰ দেওবাৰৰ বজাৰত সন্ত্ৰাসবাদীয়ৰ গ্ৰেনেড নিক্ষেপ । গ্ৰেনেড নিক্ষেপ কৰাৰ ফলত আহত হৈছে শতাধিক লোক। বিস্ফোৰণত আহতসকলক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।
জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই গ্ৰেনেড আক্ৰমণক গভীৰভাৱে বিৰক্তিকৰ বুলি অভিহিত কৰি কয় যে সাধাৰণ নাগৰিকক লক্ষ্য কৰি লোৱাৰ কোনো ন্যায্যতা থাকিব নোৱাৰে। “যোৱা কেইদিনমানৰ পৰা জম্মু-কাশ্মীৰৰ বিভিন্ন ঠাইত আক্ৰমণ আৰু এনকাউণ্টাৰৰ ঘটনা সংঘটিত হৈছে ।
শ্ৰীনগৰৰ ‘দেওবাৰৰ বজাৰ’ত নিৰীহ বজাৰ কৰা লোকৰ ওপৰত গ্ৰেনেড আক্ৰমণৰ আজিৰ খবৰটো গভীৰভাৱে শোকাৱহ ।নিৰীহ সাধাৰণ নাগৰিকক লক্ষ্য কৰি লোৱাৰ কোনো ন্যায্যতা থাকিব নোৱাৰে।” প্ৰশাসনে নিৰাপত্তা বঢ়াব লাগিব আৰু এই আক্ৰমণৰ উত্তৰ সোনকালেই দিয়া হ’ব।
বিগত কেইটামান দিনত সন্ত্ৰাসবাদী আৰু নিৰাপত্তাৰক্ষীৰ মাজত ধাৰাবাহিকভাৱে গুলি চালনা সংঘটিত হৈছে। কালি শ্ৰীনগৰৰ খানিয়াৰ অঞ্চলত লস্কৰ-ই-টয়বাৰ এজন সন্ত্ৰাসবাদীক গুলীয়াই হত্যা কৰা হয়।কাশ্মীৰৰ আৰক্ষী মহাপৰিদৰ্শক বিধি কুমাৰ বৰ্ডীয়ে কয় যে উছমান নামৰ সন্ত্ৰাসবাদীজন লস্কৰ-ই-টয়বাৰ কমাণ্ডাৰ আছিল। “এতিয়া এই অভিযান সম্পূৰ্ণ হৈছে। নিৰাপত্তা বাহিনীয়ে এজন সন্ত্ৰাসবাদীক হত্যা কৰিছে, যাক উছমান বুলি চিনাক্ত কৰা হৈছে।