ISRO ৰ’ শুভেচ্ছা প্ৰদান সুনীতা উইলিয়ামছ সহ আন সহযাত্ৰীক

নিউজ ডেক্স, ১৯ মাৰ্চ
দুৰ্যোগক সুযোগলৈ ৰূপান্তৰিত কৰি ইতিহাসৰ সৃষ্টি কৰিলে ভাৰতীয় মূলৰ মহাকাশচাৰী সুনীতা উইলিয়ামছে। মহাকাশত প্ৰায় ৯ মাহ সময় অতিবাহিত কৰি গঢ়িলে কেইবাটাও অভিলেখ ।৮ দিনীয়া অভিযানত যোৱা উইলিয়ামছে কাৰিকৰী বিজুতিৰ বাবে ৯ মাহ ধৰি আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত থকাৰ এই সময়ছোৱাত তেওঁ এক্সপেডিচন ৭১/৭২ অভিযানৰ অংশ হৈ বৈজ্ঞানিক গৱেষণাত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়ায়। নাছাৰ তথ্য অনুসৰি ৪৫০০ৰো অধিক কক্ষপথ সম্পূৰ্ণ কৰাৰ লগতে মহাকাশতো ১২ কোটি ১০ লাখ মাইলতকৈও অধিক দূৰত্ব অতিক্ৰম কৰিছিল।৫০ ঘণ্টা ৪০ মিনিটৰ মহাকাশ ভ্ৰমণৰ অভিলেখ গঢ়ে। মহাকাশত থকাৰ সময়ছোৱাত উইলিয়ামছে আন বহুতো গুৰুত্বপূৰ্ণ কামো কৰিছিল।
ইয়াৰ পূৰ্বেও সুনীতা উইলিয়ামছ বহু গুৰুত্বপূৰ্ণ অভিযানৰ অংশ হৈ পৰিছে। ২০০৬ চনত এছটিএছ-১১৬ মিছনৰ অধীনত আইএছএছত উপস্থিত হৈ চাৰিটাকৈ স্পেচ ৱাৰ্ক কৰি ২৯ ঘণ্টা ১৭ মিনিটৰ অভিলেখ গঢ়িবলৈ সক্ষম হয়। ইয়াৰ উপৰিও ২০১২ চনতো তেওঁ মিছনৰ অংশ হিচাপে ১২৭ দিন আই এছ এছত আছিল, য’ত তেওঁ গুৰুত্বপূৰ্ণ কাৰিকৰী মেৰামতিৰ কাম কৰিছিল। ২০২৪ চনত তৃতীয়টো ডাঙৰ অভিযানত নাছাৰ ইতিহাসত আন এক সোণালী অধ্যায় সংযোজন কৰে।
286 দিনৰ অন্তত আজি পৃথিৱীত উপস্থিত হোৱা সুনীতা উইলিয়ামছ, বাচ্চ উইলম’ৰৰ লগতে আন দুগৰাকী মহাকাশচাৰীক শুভেচ্ছা ISRO ৰ’ ৷ নাছাৰ মহাকাশচাৰী সুনীতা উইলিয়ামৰ নিৰাপদ প্ৰত্যাৱৰ্তনক ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই (ISRO) ‘এক উল্লেখযোগ্য কৃতিত্ব’ বুলি অভিহিত কৰিছে।
