Sports

চেম্পিয়নছ ট্ৰফীৰ বাবে ঘোষণা ভাৰতীয় দল,কোনে কোনে স্থান পালে ভাৰতীয় দলত?

নিউজ ডেক্স, ১৮ জানুৱাৰীঃ
আজি আগন্তুক চেম্পিয়নছ ট্ৰফীৰ বাবে ঘোষণা কৰা হ’ল ভাৰতীয় দল। এক সংবাদ মেলযোগে অধিনায়ক ৰোহিত শৰ্মা আৰু মুখ্য নিৰ্বাচক অজিত আগাৰকাৰে ভাৰতীয় দলটো ঘোষণা কৰে। ১৯ ফেব্ৰুৱাৰীৰ পৰা ৯ মাৰ্চলৈ অনুষ্ঠিত হ’ব চেম্পিয়নছ ট্ৰফীৰ খেলসমূহ।ভাৰতীয় দলৰ সকলো খেল ডুবাইত অনুষ্ঠিত হ’ব।
ভাৰতীয় দলটোঃ ৰোহিত শৰ্মা (অধিনায়ক), শুভমান গিল (সহঃ অধিনায়ক), বিৰাট কোহলী, শ্ৰেয়ছ আয়াৰ, কে এল ৰাহুল, হাৰ্দিক পাণ্ডিয়া, অক্ষৰ পেটেল, ৱাশ্বিংটন সুন্দৰ, কুলদীপ যাদৱ, যশপ্ৰীত বুমৰাহ, মহম্মদ ছামী, অৰ্শদীপ সিং, যশস্বী জয়ছোৱাল, ঋষভ পণ্ট, ৰবীন্দ্ৰ জাদেজা । ফাষ্ট বলাৰ মহম্মদ ছামীয়ে দলত সুযোগ লাভ কৰিছে। ২০২৩ চনৰ নৱেম্বৰৰ পৰা আঘাতৰ বাবে দলৰ পৰা আঁতৰি আছিল ছামী।মহম্মদ ছিৰাজ বাদ পৰিল চেম্পিয়নছ ট্ৰফীৰ দলৰ পৰা।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button