২০২৫ বৰ্ষৰ বাজেট দাখিল, ১২লাখ টকালৈকে আয় কৰ ৰেহাই…

নিউজ ডেক্স, ১ ফ্ৰেব্ৰুৱাৰীঃ
অষ্টমবাৰৰ বাবে আজি কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে দাখিল কৰিলে বাজেট। নৰেন্দ্ৰ মোদী চৰকাৰৰ তৃতীয় কাৰ্যকালৰ এয়া প্ৰথম পূৰ্ণাংগ বাজেট।এই বাজেটত চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে।
বাজেটত কৰা ঘোষণা অনুসৰি এইবাৰ আয়কৰ ক্ষেত্ৰত কিছু ৰেহাই পাব জনতাই। বাৰ্ষিক উপাৰ্জন ১২ লাখ টকা পৰ্যন্ত দিব নালাগে আয়কৰ। ষ্টেণ্ডাৰ্ড ডিডাকচন ৭৫ হাজাৰ টকা। মুঠ ১২.৭৫ লাখ টকালৈ আয়কৰ ৰেহাই।
০-৪ লাখ টকালৈ আয়কৰ নাই। ৪-৮ লাখ টকালৈ ৫ শতাংশ। ৮-১২ লাখ টকালৈ ১০ শতাংশ। ১২-১৬ লাখ টকালৈ ১৫ শতাংশ। ১৬-২০ লাখ টকালৈ ২০ শতাংশ। ২০-২৪ লাখ টকালৈ ২৫ শতাংশ। ২৪ লাখৰ ওপৰত ৩০ শতাংশ।
আনফালে আয়কৰ ৰিটাৰ্ণ ফাইল কৰাৰ সময়সীমা ২ বছৰৰ পৰা বৃদ্ধি কৰি ৪ বছৰলৈ বৃদ্ধি কৰাৰ কথাও বাজেট ভাষণত উল্লেখ কৰে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে।
সীতাৰমনে কয় যে, দেশে পাব নতুন আয়কৰ আইন। এই ক্ষেত্ৰত অহা সপ্তাহৰ ভিতৰত উত্থপান হ’ব আয়কৰ বিধেয়ক।