National

কোটি টকাৰ পেকেজৰ চাকৰি ত্যাগ এতিয়া বাবা,মহাকুম্ভত ‘IIT বাবা’ৰূপে ভাইৰেল হোৱা অভয় সিঙে কিয় ল’লে এনে সিদ্ধান্ত?

নিউজ ডেক্স, ১৮ জানুৱাৰীঃ
১৩ জানুৱাৰীৰ পৰা উত্তৰ প্ৰদেশৰ প্ৰয়োগৰাজত চলি আছে মহাকুম্ভ মেলা৷ প্ৰয়াগৰাজত উপস্থিত হৈছে বহুতো সাধু-সন্যাসী। মহাকুম্ভলৈ অহা বহুতো ঋষি, সন্ত আৰু নাগা সাধু সকলেও ধাৰাবাহিকভাৱে দৃষ্টি আকর্ষণ কৰি আহিছে। তাৰে মাজতে বিশেষ ভাৱে দৃষ্টি কাঢ়িছে আই আই টি বাবাই। সকলোৰে মাজত বর্তমানে আই আই টি বাবা হিচাপে জনাজাত হৈ পৰিছে এগৰাকী বাবা। কাৰণ এই বাব পূর্বে আছিল আই আই টিয়ান। তেওঁৰ নাম অভয় সিং।
অভয় সিঙে আধ্যাত্মিকতাত জড়িত হৈ জীৱনৰ সর্বোচ্চ শান্তি লাভ কৰা বুলি অনুভৱ ব্যক্ত কৰিছে। তেওঁ কয় যে আধ্যাত্মিকতাৰে তেওঁৰ জীৱনৰ বাটত অহা প্রতিটো বাধা আঁতৰাই পেলাব বিচাৰে। পৰিয়ালৰ সৈতেও সম্পর্ক বিচিন্ন কৰিছে অভয় সিঙে।
এক সংবাদ মাধ্যমক দিয়া সাক্ষাৎকাৰত বাবা গৰাকীৰ ভাষ্যৰ পাছতে সকলোফাৰে চৰ্চিত হৈ পৰিছে। তেওঁ কয় যে আই আই টি মুম্বাইৰ পৰা ইঞ্জিনিয়াৰিং ডিগ্রীধাৰী। তাকো মহাকাশ অভিযন্তা। যি কথা শুনি বহু লোক স্তম্ভিত হৈ পৰিছে। সন্ন্যাস লোৱাৰ কাৰণ বুজাই বাবাই কয় যে এইখনেই শ্রেষ্ঠ ৰাজ্য। জ্ঞানৰ পিছত গৈ থাকক, আগবাঢ়ি যাওক, কিমান দূৰলৈ যাব? অৱশেষত এই আধ্যাত্মিকতাই পাব।
বাবা অভয় সিঙে লগতে কয় যে, মই হাৰিয়ানাত দশম লৈকে পঢ়িছিলো আৰু তাৰ পিছত মই আইআইটিৰ দৰে এটা সন্মানীয় প্ৰতিষ্ঠানৰ পৰা অধ্যয়ন কৰিছিলো। এনে লাগিছিল যে এৰোনটিক্স ইঞ্জিনিয়াৰেই সকলো। কিন্তু তাৰ পাছত অনুভৱ কৰিছিলো যি বিজ্ঞান পঢ়িছিলো সেয়া একোৱে নহয়। তেওঁ কয় যে তেওঁ এতিয়া অধ্যয়ন কৰি থকা আধ্যাত্মিকতা হৈছে প্ৰকৃত বিজ্ঞান।
মহাকুম্ভ মেলাৰ পৰা ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পাছৰে পৰা মিডিয়া চেনেলসমূহে অভয় সিঙৰ সাক্ষাৎকাৰ ল’বলৈ শাৰী পাতিছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button