মূৰৰ চুলিৰ পাছত এতিয়া চকুৰ পতা নোম সৰিবলৈ আৰম্ভ হীনা খানৰ, সামাজিক মাধ্যমত মাধ্যমত ফটো শ্বেয়াৰ কৰি জনালে অভিনেত্ৰী গৰাকীয়ে
নিউজ ডেক্স, ১৪ ছেপ্তেম্বৰঃ
ভাৰতীয় টেলিভিচন জগতৰ অন্যতম জনপ্রিয় অভিনেত্রী হীনাৰ বিষয়ে সকলোৱে হয়তো জানে। ইয়ে ৰিস্তা ক্যা কেহলাতা হে খ্যাত অভিনেত্ৰী ‘হিনা খান’ স্তন কেঞ্চাৰৰ তৃতীয় ষ্টেজৰ চিকিৎসা চলি আছে। ইয়াৰ সৈতে হিনা খানে যথেষ্ট অনুপ্ৰেৰণা আৰু ইতিবাচকতাৰ সৈতে মোকাবিলা কৰি আছে। সম্পূর্ণ চুলি খুৰাই দিয়ে হীনাই। এতিয়া চুলিৰ পাছত লাহে লাহে চকুৰ চেলাউৰি আৰু নোমবোৰো হেৰুৱাবলৈ আৰম্ভ কৰিছে অভিনেত্রী হীনাই। শেহতীয়াকৈ, হিনাই এটা পোষ্ট শ্বেয়াৰ কৰিছিল আৰু তাইৰ অনুপ্ৰেৰণা কি সেয়া কৈছিল।
হিনাই চকুৰ ফটো শ্বেয়াৰ কৰি, য’ত হিনাই কৈছে যে তেওঁৰ এতিয়া মাত্ৰ এটা চকুৰ পতা বাকী আছে। হিনা খানে পোষ্ট কৰিছিল- ‘জানিব বিচাৰো যে এই মুহূৰ্তত মোৰ অনুপ্ৰেৰণাৰ উৎস কি? এই চকুৰ পতাবোৰ মোৰ চকুৰ এটা অংশ হোৱাৰ বাবে মোৰ চকু দুটা ধুনীয়া বুলি সকলোৱে কয়। এতিয়া মোৰ এটা চকুৰ পতাহে বাকী আছে, মই মোৰ কেমোথেৰাপিৰ শেষ পর্যায়ত আছো আৰু মোৰ এই শেষৰ পলকটোৱেই মোৰ প্ৰেৰণা। এই কঠিন সময়ো আমি অতিক্রম কৰিম।
ইয়াকো লিখিছে যে, মই এদশকৰো অধিক সময় ধৰি চকুৰ নোম অধিক আকর্ষণীয় দেখাবৰ বাবে নকল নোম লগোৱা নাছিলো। মোৰ বংশগতভাৱেই ঘন চকুৰ নোম আছিল। কিন্তু এতিয়া কেমোথেৰাপীৰ কাৰণে সৰি যোৱা বাবে নকল নোম লগাব লাগে। এতিয়া কেৱল এডালেই নোমেই মোৰ সাহস হিচাপে বাকি ৰৈছে। নহয়, সকলো ঠিক হ’ব।”
তেওঁৰ অনুৰাগীসকলেও তেওঁৰ বাবে প্ৰাৰ্থনা কৰিছে যাতে অভিনেত্ৰীগৰাকী অতি সোনকালে সম্পূৰ্ণৰূপে সুস্থ হৈ উঠক।
কিন্তু ইমানৰ পাছতো মনোবল হেৰুৱাও নাই অভিনেত্ৰীগৰাকীয়ে। কেইবাটাও ফেশ্বন শ্ব’ত অংশগ্রহণ কৰি নিজৰ অদম্য আশা আৰু হেঁপাহ প্রকাশ কৰে হীনা খানে।