National
গণতন্ত্ৰ দিৱসৰ দিনাই কাছাৰত জঘন্য ঘটনা

নিউজ ডেক্স, ২৭ জানুৱাৰীঃ
কাছাৰ জিলাৰ বৰখলাৰ কচুখালত সংঘটিত হৈছেে এক জঘন্য ঘটনা৷ গণতন্ত্ৰ দিৱসৰ দিনাই ৩৫ বছৰীয়া এগৰাকী ব্যক্তিক হত্যা কৰে। সমগ্ৰ অঞ্চলত চাঞ্চল্য সৃষ্টি হৈছে। মৃত যুৱকজনৰ নাম শিমষ সম্পলি। তেওঁৰ ঘৰ কটকাল বস্তি অঞ্চলত বুলি জানিব পৰা গৈছে।
কাছাৰ জিলাৰ বৰখলা থানাৰ অন্তৰ্গত কচুখাল শিলৰ কুয়াৰিৰ নদীৰ পাৰত নিজৰ পৰিয়ালৰ লোকক লৈ বনভোজন কৰিবলৈ গৈছিল। খবৰ অনুসৰি, মানসিক ৰোগত ভোগা এজন ব্যক্তিয়ে দা হাতেৰে শিমষ সম্পলিক কাটি হত্যা কৰে আৰু তাৰ পাছত পলায়ন কৰে। মানসিক ৰোগীজনৰ নাম ডেবনছন ভাণ্ডাৰা।
স্থানীয় ৰাইজে ঘটনাটো প্রত্যক্ষ কৰি তৎক্ষণাৎ বৰখলা থানাত খবৰ দিয়ে। তাৰ পাছত বৰখলা আৰক্ষী ঘটনাস্থলত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে শিলচৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে।