নিৰ্বাচনী প্ৰচাৰত ক্ৰিকেটাৰ বীৰেন্দ্ৰ ছেহৱাগ! কিন্তু কাৰ পক্ষত বিচাৰিলে ভোট?
নিউজ ডেক্স, ৩ অক্টোবৰঃ
৫ অক্টোবৰত হাৰিয়ানাৰ ভোটগ্ৰহণ। ইয়াৰ বাবে সমগ্ৰ ৰাজ্যতে নিৰ্বাচনী প্ৰচাৰ চলি আছে। বিজেপিৰ দখলত থকা হাৰিয়ানা এইবাৰ কংগ্ৰেছে উদ্ধাৰ কৰাৰ বাবে তীব্ৰ নিৰ্বাচনী প্ৰচাৰ চলাইছে। আজি হাৰিয়ানাত নিৰ্বাচনী প্ৰচাৰৰ অন্ত পৰিব। তাৰ পূৰ্বে বুধবাৰে হাৰিয়ানাৰ টোছাম সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী অনিৰুদ্ধ চৌধুৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰত নামিল প্ৰাক্তন তাৰকা ক্ৰিকেটাৰ বীৰেন্দ্ৰ ছেহৱাগে।
সেহৱাগে ভিডিঅ’ বাৰ্তাযোগে কয় যে মই তেওঁক মোৰ ডাঙৰ ভাই বুলি গণ্য কৰো, তেওঁৰ পিতৃ ৰণবীৰ সিং মহেন্দ্ৰ বিচিচিআইৰ সভাপতি আছিল আৰু তেওঁ মোক বহুত সহায় কৰিছে। ছেহৱাগে কয় যে, এই সময় তেওঁৰ বাবে অতি গুৰুত্বপূৰ্ণ। মই ভাবো যে তেওঁক মই সহায় কৰিব পাৰিম। অনিৰুদ্ধ চৌধৰীক সহায় কৰিবলৈ টোছামৰ ৰাইজলৈ আহ্বান জনাইছো।
উল্লেখযোগ্য যে অনিৰুদ্ধ চৌধুৰী বিচিচিআইৰ প্ৰাক্তন সভাপতি ৰণবীৰ সিং মহেন্দ্ৰৰ পুত্ৰ। অনিৰুদ্ধ সিং চৌধুৰীয়ে জনসভাত কয়, “সাধাৰণতে ক্ৰিকেটাৰসকলে নিৰ্বাচনী সভাত অংশগ্ৰহণ নকৰে কিন্তু কেৱল আমাৰ মাজত থকা ভাতৃত্ববোধৰ বাবেই বীৰুৱে আমাৰ হৈ প্ৰচাৰ চলাইছে।” উল্লেখযোগ্য যে, টোছামত এইবাৰ বিজেপিৰ প্ৰাৰ্থী হৈছে শ্ৰুতি চৌধুৰী।