National

গুৱাহাটীৰ মাজ-মজিয়াত শিহৰণকাৰী পথ দুৰ্ঘটনাত ৰেপিড চালকসহ যুৱতীৰ সৈতে শোকাৱহ ঘটনা

নিউজ ডেক্স, ২৩ ডিচেম্বৰঃ
গুৱাহাটীৰ মাজ-মজিয়াত শিহৰণকাৰী পথ দুৰ্ঘটনা। দ্ৰুতবেগী বাহনে মহটিয়াই নিলে দুগৰাকীকৈ বাইক আৰোহীক। নিশা চুপাৰ মাৰ্কেটৰ উৰণ সেতুত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনাটো। দুৰ্ঘটনাত থিতাতে মৃত্যু হয় এজন বাইক চালকৰ। নিহত ৰেপিড’ চালকজন ৰঞ্জিত ৰাজবংশী বুলি জানিব পৰা গৈছে। ৰেপিড চলাই জীৱন নিৰ্বাহ কৰিছিল ৰঞ্জিতে। দুর্ঘটনাগ্রস্ত বাইকখনৰ নম্বৰ হৈছে AS01 BU 7601 ঘটনাস্থলীতে ৰঞ্জিতৰ মৃত্যু হোৱাৰ লগতে গুৰুতৰভাৱে আহত হৈছিল যুৱতীগৰাকী। আহত যুৱতীগৰাকীক তৎকালীনভাৱে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হৈছিল যদিও হাস্পতাললৈ লৈ যোৱাৰ পথতে মৃত্যু হয় যুৱতীগৰাকীৰো। যুৱতীগৰাকীক প্ৰিয়া সোণাৰ বুলি চিনাক্ত কৰা হৈছে। যুৱতীগৰাকীৰ ঘৰ লাংমডিঙত। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা আছিল ২৫ বছৰীয়া প্ৰিয়া সোণাৰ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button