National
বাজেটত যুৱ লেখকসকললৈ সুখবৰ

নিউজ ডেক্স, ১০ মাৰ্চঃ
আজি ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰথম কাৰ্যকালৰ অন্তিমখন বাজেট দাখিল কৰে বিত্তমন্ত্ৰী অজন্তা নেওগে। দিনৰ ১১.৩০ বজাত অসম বিধানসভাৰ মজিয়াত বিত্তমন্ত্ৰী গৰাকীয়ে দাখিল কৰিলে অসম বাজেট ২০২৫-২৬।
শৈক্ষিক ক্ষেত্ৰত লিখা মেলা কৰা ১হাজাৰ যুৱ লেখকলৈ ২৫হাজাৰ টকাৰ আৰ্থিক সাহায্য। কৰ্মচাৰীসকলক গ্ৰন্থ ক্ৰয়ৰ বাবে ১হাজাৰ টকাকৈ এককালীন অনুদান। অসম প্ৰকাশন পৰিষদৰ অনুমোদন ক্রমে গ্রন্থমেলা অনুষ্ঠিত কৰিবলৈ জিলা সদৰ বাবে ৫ লাখ আৰু সম-জিলা সদৰৰ বাবে ২.৫ লাখ টকাকৈ বিত্তীয় সাহায্য আগবঢ়াব৷
প্ৰস্তাৱ কৰো যে চৰকাৰী অনুষ্ঠানসমূহত সকলো চৰকাৰী উপহাৰ গ্ৰন্থ ৰূপত হোৱা উচিত, যাতে এই গ্ৰন্থসমূহৰ জৰিয়তে সংস্কৃতিৰ জ্ঞান আৰু বৌদ্ধিক সমৃদ্ধি ধৰি ৰাখিব পৰা যায়।