Crime
বিয়াৰ প্রস্তাৱ প্রত্যাখ্যান কৰাৰ বাবেই প্ৰেমিকৰ ভাড়াঘৰতেই চৰম পন্থাই প্ৰেমিকাৰ

নিউজ ডেক্স, ২৭ জানুৱাৰীঃ
পুনৰ গুৱাহাটী মহানগৰীত যুৱতীৰ ৰহস্যজনক মৃত্যু। গান্ধীবস্তিৰ ভাড়াঘৰত উদ্ধাৰ হয় এগৰাকীৰ যুৱতীৰ মৃতদেহ। মৃত যুৱতীগৰাকী ধেমাজিৰ জন্মেশ্বৰী বসুমতাৰী বুলি চিনাক্ত। প্রেমিকৰ কোঠাত উদ্ধাৰ হয় জন্মেশ্বৰী বসুমতাৰী মৃতদেহ।
মৃতদেহ উদ্ধাৰৰ পিছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে যুৱতীগৰাকীৰ প্ৰেমিক ইন্দ্ৰজিত পাইটক। দুয়োগৰাকীৰে ঘৰ ধেমাজিৰ চিমেন চাপৰিত। দেওবাৰে ধেমাজিৰ পৰা প্ৰেমিকৰ গুৱাহাটীৰ ভাড়াঘৰলৈ লৈ আহিছিল যুৱতীগৰাকী। বিয়া পতাৰ প্ৰস্তাৱ প্ৰত্যাখানৰ বাবেই যুৱতীগৰাকী চৰম সিদ্ধান্ত লোৱাৰ সন্দেহ আৰক্ষীৰ।