National

পঞ্চভূতত বিলীন হ’ব দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ড° মনমোহন সিঙ, শেষকৃত্যৰ বাবে সাজু নিগমবোধ ঘাট

নিউজ ডেক্স, ২৮ ডিচেম্বৰঃ
আজি সম্পন্ন হ’ব প্ৰাক্তন প্ৰধানমন্ত্ৰী ড° মনমোহন সিঙৰ অন্ত্যেষ্টিক্ৰিয়া। আজি দিনৰ ১১:৪৫ বজাত ৰাষ্ট্ৰীয় সন্মানেৰে নতুন দিল্লীৰ নিগমবোধ ঘাটত সম্পন্ন হ’ব শেষকৃত্য। আজি শেষকৃত্য সম্পন্ন হোৱাৰ পূৰ্বে ড০ মনমোহন সিঙৰ নশ্বৰদেহ দিল্লীৰ কংগ্ৰেছৰ মুখ্য কাৰ্যালয়লৈ লৈ অনা হয়। কংগ্ৰেছ নেতৃত্বই তাত পুনৰ এবাৰ দুবাৰৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীক শেষ শ্ৰদ্ধা জনাব। ইয়াৰ পিছত, তেওঁক দিল্লীৰ নিগমবোধ ঘাটত আজি সম্পূৰ্ণ ৰাষ্ট্ৰীয় সন্মানেৰে অন্তিম বিদায় জনোৱা হ’ব।
পুৱা ৯:৩০ বজাৰ পৰা আৰম্ভ হৈছে তেওঁৰ অন্তিম যাত্ৰা। অজস্ৰ গুণমুগ্ধ আৰু বিভিন্ন প্ৰান্তৰ নেতা কৰ্মীয়ে আহি অংশগ্ৰহণ কৰিছে প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী ড° মনমোহন সিঙৰ অন্তিম যাত্ৰাত। বৃহস্পতিবাৰে নিশা ৯৩ বছৰ বয়সত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। দিল্লীৰ এইমছ হাস্পতালত জীৱনাৱসান ঘটিছিল।
উল্লেখ্য যে, ড০ মনমোহন সিং ২০০৪ চনৰ পৰা ২০১৪ চনলৈ দেশৰ প্ৰধানমন্ত্ৰী আছিল। তেখেতে দেশৰ অৰ্থনীতিত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে। তেওঁ দেশৰ অৰ্থনৈতিক স্থিতি আগুৱাই লৈ গৈছিল।ড০ মনমোহন সিঙৰ সন্মানত দেশত ৭ দিনীয়া ৰাষ্ট্ৰীয় শোক ঘোষণা কৰা হৈছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button