Cultural

সাহিত্য সভাৰ অধিৱেশনক লৈ ইটোৰ পিছত সিটো বিতৰ্ক! সাহিত্য সভাক লৈ ক্ষোভ লোকগীতৰ বিশিষ্ট শিল্পী প্ৰণিতা বৈশ্য মেধিৰ

নিউজ ডেক্স, ৫ ফ্ৰেব্ৰুৱাৰীঃ
৩১ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা এই অধিৱেশনৰ সামৰণি পৰিল মঙলবাৰে অৰ্থাৎ ৪ ফেব্ৰুৱাৰীত। পাঠশালাত অনুষ্ঠিত হৈছিল সাহিত্য সভাৰ ৭৭ সংখ্যক অধিৱেশন। সাহিত্য সভাৰ অধিৱেশন বিভিন্ন প্ৰান্তৰ পৰা উপস্থিত হৈছিল বহু লোক। ইয়াৰ মাজতে সাহিত্য সভাত এইবাৰ ইটোৰ পিছত সিটো বিতৰ্ক আৰম্ভ হৈছে৷ দুদিন পূৰ্বে সাহিত্যিকৰ পাছত এইবাৰ সাহিত্য সভাক লৈ ক্ষোভ শিল্পীৰ৷ সামাজিক মাধ্যমত ক্ষোভ প্ৰকাশ সাহিত্য সভাত গীত পৰিৱেশন কৰিবলৈ গৈ অপমানিত হোৱাৰ লোকগীতৰ বিশিষ্ট শিল্পী প্ৰণিতা বৈশ্য মেধিৰ৷

সামাজিক মাধ্যমত তেওঁ পোষ্টটোত লিখিছে ‘‘গীত পৰিবেশন কৰিবলৈ গৈ মঞ্চত অপমানিত হ’লো অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বিবাৰ্ষিক পাঠশালা অধিৱেশন (বজালী)ত।

যোৱা ৩ ফেব্ৰুৱাৰি ২০২৫ চন, অনুষ্ঠানৰ আৰম্ভণিতে মোৰ প্ৰথম প্ৰগ্ৰেম আছিল। কিন্তু মঞ্চত দ্বিতীয় গীতটো গাই শেষ কৰি তৃতীয় গীত আৰম্ভ কৰোতেই সাংস্কৃতিক কৰ্মী (সোণমণি চৌধুৰী) নামৰ লোক এজনে পিছৰ ফালৰ পৰা আহি অনুষ্ঠান বন্ধ কৰিবলৈ দিয়ে। তেতিয়া মঞ্চত মই খুব দুখ পালো আৰু অপমানিত হ’লো। যিহেতু মোৰ প্ৰথম অনুষ্ঠান আছিল। অন্য শিল্পী বিলাকক যিদৰে সন্মান জনাই, কিন্তু মোৰ ক্ষেত্ৰত এখন গামোচাৰ যোগ্য নহ’লো। লোকগীতৰ শিল্পী হোৱা বাবে আমাক অপমানিত কৰিলে নেকি? যদি এনেকুৱা মানসিকতা হয় তেতিয়াহলে আমাক মাতি নি অপমানিত কৰিব নালাগিছিল। মই খুব দুখ পাইছো অন্তৰত, যদি এনেকুৱা মানসিকতা হয় আমি শিল্পীসকল কেনেদৰে জীয়াই থাকিম।’’

উল্লেখযোগ্য যে ৩ ফেব্ৰুৱাৰীত শিল্পী প্ৰণীতা বৈশ্য মেধিক কামৰূপীয়া লোকগীত পৰিৱেশনৰ বাবে আমন্ত্ৰণ জনোৱা হৈছিল সাহিত্য সভাৰ অধিৱেশনলৈ। বিয়লি ৫.৩০ বজাত নিৰ্ধাৰণ কৰি দিয়া হৈছিল অনুষ্ঠানৰ সময়।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button