Political

অসমৰ উপ নিৰ্বাচনৰ দিন ঘোষণা, কেতিয়া অনুষ্ঠিত হ’ব উপ নিৰ্বাচন? দিন ঘোষণা কৰিলে নিৰ্বাচন আয়োগে

নিউজ ডেক্স, ১৫ অক্টোবৰঃ
নতুন দিল্লীৰ বিজ্ঞান ভৱনত ভাৰতীয় নিৰ্বাচন আয়োগৰ সংবাদমেল। নিৰ্বাচন আয়োগৰ মুখ্য নিৰ্বাচনী আয়ুক্ত ৰাজীৱ কুমাৰে সংবাদমেলযোগে নিৰ্বাচনৰ দিন ঘোষণা কৰে। অসমৰ চামগুৰি, ধলাই, বঙাইগাঁও, বিহালী আৰু ছিদলী সমষ্টিৰ উপ-নিৰ্বাচনৰ দিন ঘোষণা কৰে। চামগুৰি সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইনে ধুবুৰী, বিহালীৰ বিজেপি বিধায়ক ৰঞ্জিত দত্তই শোণিতপুৰ, ধলাইৰ বিধায়ক পৰিমল শুক্লবৈদ্যই শিলচৰ, বঙাইগাঁও সমষ্টিৰ অগপ বিধায়ক ফণীভূষণ চৌধুৰীয়ে বৰপেটা আৰু চিদলীৰ এইপিপিএল বিধায়ক জয়ন্ত বসুমতাৰীয়ে কোকৰাঝাৰ লোকসভা সমষ্টিৰ পৰা জয়ী হৈছিল। লোকসভা নিৰ্বাচনৰ ফলাফলৰ পিছৰে পৰা খালী হৈ আছে এই ৫ সমষ্টিৰ বিধায়ক পদ।
অসমৰ পাঁচটা সমষ্টিত হ’বলগীয়া উপ-নিৰ্বাচন ১৩ নৱেম্বৰত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ। আনহাতে ২৩ নৱেম্বৰত হ’ব ভোটগণনা। নিৰ্বাচন আয়োগে ঘোষণা কৰা অনুসৰি, ১৮ অক্টোবৰত জাৰি হ’ব নিৰ্বাচনী অধিসূচনা। ২৫ অক্টোবৰ মনোনয়ন দাখিলৰ অন্তিম দিন। ৩০ অক্টোবৰত মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন।
আনহাতে মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ড বিধান সভা নিৰ্বাচনৰো দিন ঘোষণা নিৰ্বাচন আয়োগৰ ৷ মহাৰাষ্ট্ৰত ২০ নবেম্বৰত ভোটগ্ৰহণ, ঝাৰখণ্ডত ভোটগ্ৰহণ ১৩ আৰু ২০ নবেম্বৰত; ২৩ নবেম্বৰত হ’ব ভোটগণনা৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button