আমেৰিকাৰ ৰাষ্ট্ৰপতিৰূপে পুনৰ নিৰ্বাচিত ড’নাল্ড ট্ৰাম্প

নিউজ ডেক্স, ৬ নৱেম্বৰঃ
আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত ড’নাল্ড ট্ৰাম্পৰ জয়। দ্বিতীয়বাৰলৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প। আমেৰিকাৰ ৪৭সংখ্যক ৰাষ্ট্ৰপতি ট্ৰাম্প। কিছু প্ৰত্যাহ্বানৰ সন্মুখীন হ’লেও ট্ৰাম্পে সহজতে স্পৰ্শ কৰে জয়ৰ বাবে প্ৰয়োজন হোৱা ২৭০ মেজিক নম্বৰ। বিতৰ্কৰ মাজত সোমাই পৰা ট্ৰাম্পৰ এইবাৰ ৰাষ্ট্ৰপতি পদৰ প্ৰতিদ্বন্দ্বী আছিল কমলা হেৰিছ। প্রায় সকলো নির্বাচনী সমীক্ষাই ডেমোক্রেট প্রার্থী কমলা হেৰিচক আগুৱাই ৰাখিছিল। কিন্তু বেলট বক্স খুলোতেই দেখা গৈছে বিপৰীত ছবিঃ প্ৰথমৰ পৰাই আগুৱাই আছে ডোনাল্ড ট্রাম্পৰ ৰিপাব্লিকান পার্টী। ট্ৰাম্পে ২০১৭ চনত প্ৰথমবাৰ মাৰ্কিন ৰাষ্ট্ৰপতি হিচাপে জয়লাভ কৰিছিল। ২০২১ চনৰ লৈকে তেওঁ এই দায়িত্বত আছিল।
৫০খন প্ৰদেশৰ ভিতৰত অধিকসংখ্যক প্ৰদেশেই ট্ৰাম্পৰ ৰিপাব্লিকানৰ দখলত। উল্লেখ্য যে আমেৰিকাৰ ৫০খন প্ৰদেশৰ এখনত জয়ী হোৱাৰ অৰ্থ সংশ্লিষ্ট প্ৰাৰ্থীগৰাকীয়ে সেই প্ৰদেশৰ সকলো ইলেক্টৰেল কলেজ ভোট লাভ কৰে। ইলেক্টৰেল কলেজৰ মুঠ ভোটৰ সংখ্যা ৫৩৮। অৱশ্যে আনুষ্ঠানিকভাৱে এতিয়াও এই নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হোৱা নাই। ফলাফলৰ মাজতে ফ্ল’ৰিডাত দিয়া ভাষণত বিভিন্নজনক ধন্যবাদ জ্ঞাপন কৰে।