National

দীপাৱলীৰ উপহাৰ দিলে মুখ্যমন্ত্ৰীয়ে! সামাজিক মাধ্যমযোগে ঘোষনা মুখ্যমন্ত্ৰীৰ

নিউজ জেক্স, ২৫ অক্টোবৰঃ
দীপাৱলীৰ পূৰ্বে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীলৈ সুখবৰ। সকলোৱে যাতে সুন্দৰভাৱে পোহৰৰ উৎসৱ দীপাৱলী পালন কৰিব পাৰে তাৰ বাবে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীলৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দিছে এক সু-খৱৰ। ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে দীপাৱলী উপলক্ষে এইবাৰ আগতীয়াকৈ লাভ কৰিব দৰমহা। এইবাৰ ২৮ অক্টোবৰৰ পৰা চৰকাৰী কৰ্মচাৰীক দিয়া হ’ব দৰমহা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে এই সু-খৱৰ দিলে।
দীপাৱলীত ৰাজ্যৰ লাখ-লাখ কৰ্মচাৰীৰ মৰগীয়া বানচ দিয়াৰ চিন্তা-চৰ্চা চৰকাৰৰ কথা ঘোষনা কৰিছিল মুখ্যমন্ত্ৰীয়ে । কেন্দ্ৰীয় চৰকাৰেও ঘোষণা কৰিছে কৰ্মচাৰী সকলক দীপাৱলীৰ উপহাৰ মৰগীয়া বানচ । ৩ শতাংশ মৰগীয়া বানচৰ কথা ঘোষণা কৰিছে কেন্দ্ৰীয় চৰকাৰে ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button