ডিগবৈত নিজৰ খুৰাকেই ১১ বছৰীয়া ভতিজীৰ সৈতে কৰিলে…
উজ ডেক্স, ৯ অক্টোবৰঃ
ডিগবৈত সংঘটিত হৈছে এক অতিকে শোকাৱহ ঘটনা । সুৰাৰ ৰাগিত মাতাল খুড়াকে প্ৰাণ ল’লে কণমানি ভতিজীৰ! ডিগবৈ থানাৰ অন্তর্গত এমেলগেমটেড চাহ কোম্পানীৰ পাৱৈ চাহ বাগিচাত সংঘটিত হৈছে এই হ/ত্যা/কা/ণ্ড।
জানিব পৰা অনুসৰি, দুৰ্গোৎসৱৰ বাবে পাৱৈ চাহ বাগিচাত যোৱাকালি দিয়া হৈছিলহে বোনাচ । পাৱৈ চাহ বাগিচাখনৰ ৩ নম্বৰ লাইনতো বোনাচ আৰু পুজাৰ বতৰক লৈ উৎসৱমুখৰ পৰিৱেশ আছিল ৷ এনে বতৰতে নিচাসক্ত লোকৰ তাণ্ডৱো ঠায়ে ঠায়ে দেখা পোৱা গৈছিল। তাৰ মাজতেই মিঠুন ভূমিজ নামৰ শ্ৰমিকজনে বোনাচৰ টকাকেইটা লৈ সোমাল বাগিচাখনৰ এচুকত অবৈধভাৱে গঢ়ি উঠা এটা চুলাইৰ ভাটীত। সুৰাৰ ৰাগীত মাতাল হৈ আহে ঘৰলৈ মিঠুন ভূমিজে৷ তেনেসময়ত নিজৰ খুৰা মিঠুন ভুমিজে মদৰ ৰাগিত ১১ বছৰীয়া ভাতীজিক কুঠাৰেৰে ডিঙিত ঘপিয়াই দুচেও কৰে। তেজেৰে ৰাঙলী হৈ পৰিল চোতালখন। তেজৰ মাজতে পৰি থাকিল নিস্পাপ শিশুটিৰ নিথৰ দেহ। লগে লগে ডিগবৈ আৰক্ষী চকীৰ এটি দলে ঘটনাস্থলীত উপস্থিত হৈ মিঠুন ভুমিজক কৰায়ত্ত কৰে।
ভতিজী গৰাকীৰ নিথৰ দেহ কালিতেই নিশাটো আৰক্ষী চকীতেই ৰাখি আজি পুৱা মৰণোত্তৰ পৰিক্ষাৰ বাবে তিনিচুকীয়ালৈ প্ৰেৰণ কৰিছে। এই নৃশংস হ/ত্যা/কা/ণ্ড জোকাৰি গ’ল সমগ্ৰ অঞ্চল। স্থানীয় ৰাইজৰ স্পষ্ট অভিযোগ পাৱৈ চাহ বাগিচাত দ্ৰুতগতিত শিপাই যোৱা চুলাই আৰু সস্তীয়া অৰুণাচলী সুৰাৰ বাবেই আজি জঘন্য হত্যাকাণ্ডটি সংগঠিত হয়।