‘মহাকুম্ভ মেলাত মৃ* হোৱা লোকৰ মৃ*দেহ নদীত দলিয়াই দিয়া হৈছিল’ জয়া বচ্ছন…

নিউজ ডেক্স, ৪ ফ্ৰেব্ৰুৱাৰীঃ
ৰাজ্যসভাৰ সদস্য আৰু বলীউডৰ অভিনেত্ৰী জয়া বচ্চনে কুম্ভ মেলা সন্দৰ্ভত এটা গুৰুত্বপূৰ্ণ আৰু বিতৰ্কিত মন্তব্য কৰিছে। কয় যে মহাকুম্ভৰ পানী বৰ্তমান আটাইতকৈ প্ৰদূষিত। কুম্ভত পদপৃষ্ঠ হোৱা লোকসকলৰ মৃতদেহ নদীত পেলাই দিয়া হৈছিল, যাৰ ফলত পানী দূষিত হৈছিল। জয়া বচ্চনে চৰকাৰৰ ওপৰত তীব্ৰ আক্ৰমণ চলাই কয় যে প্ৰকৃত বিষয়বোৰ উপেক্ষা কৰা হৈছে। সাংসদগৰাকীয়ে লগতে মেলালৈ অহা ভক্তৰ সংখ্যাক লৈ প্ৰশ্ন উত্থাপন কৰে। তেওঁ কয় যে, মেলালৈ অহা সাধাৰণ নাগৰিকক কোনো বিশেষ সুবিধা প্ৰদান কৰা নাই। তেওঁলোকৰ বাবে তেনে কোনো ব্যৱস্থাই নাই। ইয়াৰ বিপৰীতে এটাৰ পাছ এটা মিছা কথা কৈছে যে, তাত কোটি কোটি লোকৰ সমাগম হৈছে। ইমান কোটি কোটি লোক এটা সময়তে একেটা স্থানত কেনেকৈ সমাগম হ’ব পাৰে!
জয়া বচ্চনৰ বক্তব্যৰ প্ৰতি ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। গায়িকা চনু নিগমে জয়া বচ্চনৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰি কয় যে ‘জয়া বচ্চনে মানসিক ভাৰসাম্য হেৰুৱাইছে। অমিতাভজী, অনুগ্ৰহ কৰি তাইক এজন ভাল চিকিৎসকৰ দ্বাৰা পৰীক্ষা কৰাওক।’
