১ অক্টোবৰৰ পৰা ৰেচন কাৰ্ডত পাব দাইল,চেনি আৰু নিমখ

নিউজ ডেক্স, ১৯ মাৰ্চ
ৰাজ্যৰ লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধীকাৰীসকললৈ এক বিশেষ খবৰ।কম খৰছত চাউলৰ লগতে লাভ কৰিব দাইল,চেনি আৰু নিমখ ।১ অক্টোবৰৰ পৰা ৰেচন কাৰ্ডৰ জৰিয়তে পাব দাইল ,চেনি আৰু নিমখ । পলাশবাৰীত উপস্থিত হৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা।
দাইলৰৰ দাম আৰু চেনীৰ দাম বজাৰৰ দৰতকৈ হ’ব ২৫ টকা কম । নিমখৰ দাম বজাৰতকৈ ১০ টকা কম হ’ব।
৫ জনীয়া পৰিয়ালৰ লোকে ১ কেজিকৈ পাব দাইল চেনী, আনহাতে ৫ জনতকৈ বেছি থকা পৰিয়ালৰ লোকে পাব ২ কেজিকৈ চেনী। দৰিদ্ৰ শ্ৰেণীৰ লোকে ঘৰ, ৰেচনৰ সুবিধা, অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰিব পৰাকৈ এই বিশেষ পদক্ষেপ গ্ৰহণ ৰাজ্য চৰকাৰৰ।
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লোকসকলে লাভ কৰি আহিছে ৰেচনৰ সামগ্ৰী। ৰেচন কাৰ্ড লাভ কৰা ক্ষেত্ৰত বিশেষ নিয়মৰ ব্যৱস্থা গ্ৰহণ কৰিছে চৰকাৰে। ৰেচন কাৰ্ড থকা পৰিয়ালৰ বাবে ৰেচন কাৰ্ড খন এখন গুৰুত্বপূৰ্ণ কাৰ্ড। যাৰ জৰিয়তে সকলো চৰকাৰী আঁচনিৰ সুবিধা লাভ কৰিব একো একোটা পৰিয়ালৰ লোকে।