National

ৰাজ্যিক কৰ্মচাৰীৰ বৃদ্ধি পালে DA, ৰাজ্যিক কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত

নিউজ ডেক্স, ২৭ অক্টোবৰঃ

কেবিনেটৰ অন্তত সংবাদমেল অনুষ্ঠিত কৰি বহুকেইটা গুৰুত্বপূৰ্ণ ঘোষণা কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

অসম চৰকাৰৰ কৰ্মচাৰীৰ DA বৃদ্ধিক লৈ ডাঙৰ সিদ্ধান্ত কেবিনেটত।
ৰাজ্যিক কৰ্মচাৰীৰ ৩ শতাংশকৈ DA বৃদ্ধিৰ সিদ্ধান্ত ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰৰ। ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ DA ৫৩ শতাংশ হ’বগৈ। দীপাৱলীৰ বাবে কাইলৈ হ’ব ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ দৰমহা। ডিচেম্বৰৰ দৰমহাৰ লগত বৰ্ধিত DA লাভ কৰিব ৰাজ্যিক কৰ্মচাৰীয়ে। জুলাই মাহৰ পৰা কাৰ্যকৰী হ’ব এই DA বৃদ্ধি। ৪ মাহৰ বকেয়া ডিচেম্বৰৰ পৰা পৰ্যায়ক্ৰমে ২৫ শতাংশকৈ লাভ কৰিব অসম চৰকাৰ কৰ্মচাৰীয়ে।
জীৱন্ত ৰাস কমিটীলৈ ২৫ হাজাৰকৈ টকা ঘোষণা মুখ্যমন্ত্ৰীৰ। ৰাস পাতিবলৈ দিব নালাগে অনুমতি মাচুল। ২০০০ ৰাস কমিটীয়ে লাভ কৰিব ২৫ হাজাৰকৈ টকা।
ফেব্ৰুৱাৰীত ঘোষণা হ’ব ADREৰ ফলাফল। নতুনকৈ আৰু ১৫ হাজাৰ চাকৰিৰ বিজ্ঞাপন দিয়া হ’ব। চতুৰ্থ বৰ্ষপূৰ্তিৰ দিনাই অৰ্থাৎ ১০ মে তাৰিখে নিযুক্তি প্ৰদান কৰিব ৩৫ হাজাৰ প্ৰাৰ্থীক। মৌখিক পৰীক্ষালৈ। এটা পদৰ বিপৰীতে দুগৰাকী প্ৰাৰ্থী উৰ্ত্তীৰ্ণ হ’ব।
৩ নৱেম্বৰৰ পৰা ৯ নৱেম্বৰলৈ ৰাজ্যত অনুষ্ঠিত হ’ব ভাষা গৌৰৱ সপ্তাহ। অসমীয়া ভাষা ধ্ৰুপদী ভাষাৰ স্বীকৃতি পোৱাৰ বাবে আয়োজন হ’ব ভাষা গৌৰৱ সপ্তাহ। ভাষা গৌৰৱ সপ্তাহত লিখা হ’ব প্ৰধানমন্ত্ৰীলৈ পত্ৰ। মৈত্ৰী আঁচনিৰ বাবে ১৫০ কোটি টকা অনুমোদন কেবিনেটৰ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button