Political
অৱশেষত নাম চূড়ান্ত!দেৱেন্দ্ৰ ফাডনবীছ হ’ব মহাৰাষ্ট্ৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী
নিউজ ডেক্স, ৪ ডিচেম্বৰঃ
মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী আসনক লৈ থকা সকলো জল্পনা কল্পনাৰ অন্ত। বহু অপেক্ষাৰ অন্তত ঘোষণা হ’ল মহাৰাষ্ট্ৰৰ নতুন মুখ্যমন্ত্রী। দেবেন্দ্র ফাড়নবিচেই হ’ব মহাৰাষ্ট্ৰৰ পৰৱৰ্তী মুখ্যমন্ত্রী। বিজেপিৰ ক’ৰ কমিটীৰ বৈঠকত দেৱেন্দ্ৰ ফাডনবীছক বিজেপিৰ বিধায়িনী দলৰ নেতা হিচাপে মনোনীত কৰা হৈছে। আজি পুৱা মুম্বাইত অৱস্থিত বিধানসভাত বিধানসভা দলৰ এখন বৈঠক অনুষ্ঠিত হয়। এই সভাত মহাযুতিৰ সকলো ডাঙৰ নেতাই অংশ লৈছিল। সভাত দেৱেন্দ্ৰ ফাড়নবিছ, একনাথ শিন্দে, অজিত পাৱাৰকে ধৰি বহু বিধায়কে অংশগ্রহণ কৰে। প্রতিবেদন অনুসৰি নতুন মুখ্যমন্ত্ৰীয়ে ৫ ডিচেম্বৰ অৰ্থাত কাইলৈ মুম্বাইৰ আজাদ ময়দানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অন্যান্য নেতাৰ উপস্থিতিত শপত গ্ৰহণ কৰিব।