National

কালঘূৰ্ণী ডানাৰ প্ৰভাৱ ! অসমত প্ৰভাৱ পৰিব নেকি কালঘূৰ্ণী ডানাৰ ?

নিউজ ডেক্স, ২৪ অক্টোবৰঃ

কালঘূৰ্ণী ঘূৰ্ণীবতাহ ডানাৰ প্ৰভাৱ সাগৰীয় উপকূলীয় অঞ্চলত আৰম্ভ হৈছে। উৰিষ্যাত দেখিবলৈ পোৱা গৈছে ডানাৰ প্ৰভাৱ। ডানা ঘূৰ্ণীবতাহে পশ্চিম বংগৰ দক্ষিণ অংশ আৰু উপকূলীয় অঞ্চলত প্ৰচণ্ড বৰষুণ কঢ়িয়াই আনিব, যাৰ ফলত ই স্থলভাগত প্ৰৱেশ কৰাৰ পিছত জনবসতি অঞ্চলত শংকাৰ সৃষ্টি হ’ব।

ডানাৰ প্ৰভাৱৰ ফলত ৰাজ্যখনত প্ৰচণ্ড বৰষুণ আৰু বজ্ৰপাত হোৱাৰ আছে পূৰ্ণ সম্ভাৱনা। ডানা ঘূৰ্ণীবতাহে পশ্চিম বংগৰ দক্ষিণ অংশ আৰু উপকূলীয় ওড়িশাত প্ৰচণ্ড বৰষুণ কঢ়িয়াই আনিব, যাৰ বাবে ৰাজ্য চৰকাৰৰ
তত্বাৱধানত পৰ্যালোচনা কৰি বিপদজনক অঞ্চলৰ পৰা স্থানীয় লোক সকলক আঁতৰোৱাৰ ব্যৱস্থা কৰা হৈছে।ওড়িশাৰ মুখ্যমন্ত্ৰী মোহন চৰণ মাঝিয়ে কয় যে বুধবাৰে সন্ধিয়ালৈকে মাত্ৰ ৩০ শতাংশ লোক অৰ্থাৎ চিনাক্ত কৰা ‘বিপজ্জনক অঞ্চল’ত বসবাস কৰা প্ৰায় কম সংখ্যক লোকক খালী কৰা হৈছে।

বৃহস্পতিবাৰ অৰ্থাৎ আজিও সকলো বিপদজনক অঞ্চলৰ বাবে খালী কৰাৰ প্ৰক্ৰিয়া অব্যাহত আছে ।ইফালে ভাৰতৰ বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰিছে যে ঘূৰ্ণীবতাহ ডানাৰ লেণ্ডফ’ল প্ৰক্ৰিয়াৰ সময়ত সৰ্বোচ্চ গতি ঘণ্টাত প্ৰায় ১২০ কিলোমিটাৰ হোৱাৰ সম্ভাৱনা আছে।

বিভাগটোৱে জনোৱা মতে, শুকুৰবাৰে পুৱা ভিতৰকণিকা ৰাষ্ট্ৰীয় উদ্যান আৰু ধমৰা বন্দৰৰ মাজত ঘূৰ্ণীবতাহ ডানা স্থলপথত প্ৰৱেশ কৰাৰ সম্ভাৱনা আছে। অৱশ্যে ২৪ অক্টোবৰৰ নিশাৰ পৰা আৰম্ভ হ’ব লেণ্ডফ’ল প্ৰক্ৰিয়া। বাধাৰ ফলত প্ৰচণ্ড বৰষুণ, বতাহ আৰু ধুমুহাৰ সৃষ্টি হ’ব।


Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button