Political

১২৫০ টকাৰ মূল্য ৰকিবুল হুছেইনে নুবুজে বুলি কিয় ক’লে মুখ্যমন্ত্ৰীয়ে?

নিউজ ডেক্স, ৭ নৱেম্বৰঃ

উপ- নিৰ্বাচনকলৈ অসমত তুংগত উঠিছে ব নিৰ্বাচনী প্ৰচাৰ। আজি পাঁচটা সমষ্টিৰ বিভিন্ন ঠাইত জোৰদাৰ প্ৰচাৰ চলাই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।চামগুৰিত বিশাল জনসভা সম্বোধন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰকিবুল হুচেইনক তীব্ৰ কটাক্ষ কৰাৰ লগতে চামগুৰি সমষ্টিক বিভিন্ন প্ৰতিশ্ৰুতি দিয়ে।

ৰাজ্যৰ উপ- নিৰ্বাচনক লৈ মাজত মাত্ৰ কেইটামান দিন বাকী। আজি বিজেপি প্ৰাৰ্থী দিপ্লুৰঞ্জন শৰ্মাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এক বিশাল জনসভা সম্বোধন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰকিবুল হুচেইনৰ লগতে কংগ্ৰেছত তীব্ৰ কটাক্ষ কৰে। ভাষণ প্ৰসংগত শৰ্মাই কয় যে, চামগুৰিত দিপ্লুৰঞ্জন শৰ্মা ২০-২৫ হাজাৰ ভোটত জয়লাভ কৰিব। ইয়াৰোপৰি চামগুৰি সমষ্টিত পৰিয়ালকেন্দ্ৰিক ৰাজনীতি চলি অহা বুলি মন্ত্যব্য কৰে হিমন্ত বিশ্ব শৰ্মাই।

ভাষণৰ আৰম্ভণিতে ৰকিবুল হুচেইনক কটাক্ষ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে, কেতিয়াবা মই কনফিউজ হৈ যাওঁ চামগুৰিত বিজেপি জিকিবনে নাই। কিন্তু যেতিয়া টিভিত ৰকিবুল হুচেইনক দেখা পাওঁ তেতিয়া নিশ্চিত হওঁ বিজেপি জিকিব বুলি। কংগ্ৰেছে পৰিয়ালকেন্দ্ৰিক ৰাজনীতি কৰে বুলি উল্লেখ কৰি কয়, কংগ্ৰেছৰ ইমান কৰ্মকৰ্তা চামগুৰিত আছে, গতিকে কোনোবাক টিকট দি দিলে হয়। কিন্তু এওঁলোকে কংগ্ৰেছৰ কোনো নেতা, ৰাইজক বিশ্বাস নকৰে। সেয়ে নিজৰ ল’ৰা- ছোৱালীক বাদ দি কাকো টিকট নিদিয়ে।

কংগ্ৰেছৰ দিনত কিহৰ বাবে অৰুণোদয় আঁচনি হোৱা নাছিল বুলি প্ৰশ্ন কৰে হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কয় যে, ৰকিবুল হুচেইনে ১২৫০ টকাৰ মূল্য বুজি নাপাই, কিন্তু আমি বুজি পাওঁ। আমাৰ মতে ১২৫০ টকাকৈ পোৱাসকল হিতাধিকাৰী নহয়। অহা দুমাহৰ ভিতৰত চামগুৰিত নতুনকৈ ১৫০০ পৰিয়ালক অৰুণোদয় আঁচনি দিব বুলি ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button