স্কুটি সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কৰিলে ডাঙৰ ঘোষণা

নিউজ ডেক্স, ৭ ফেব্ৰুৱাৰীঃ
অসম চৰকাৰৰ স্কুটি সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কৰিলে ডাঙৰ ঘোষণা। সামাজিক মাধ্যমত মুখ্যমন্ত্ৰীগৰাকীয়ে উচ্চতৰ মাধ্যমিকপৰীক্ষাত উত্তীৰ্ণ শিক্ষাৰ্থীক দিলে ভাল খৱৰ।

নিয়মীয়া শিক্ষাৰ্থীৰ উপৰিও ক’চিং কেন্দ্ৰত শিক্ষাগ্রহণকাৰীয়ে শিক্ষাৰ্থীয়েও পাব স্কুটী। পূৰ্বতে কেৱল নিয়মীয়া শিক্ষাৰ্থীয়েহে পাইছিল স্কুটি।

সামাজিক মাধ্যমত কয় যে- বিশেষ উদগনি হিচাপে অসম চৰকাৰে এইবাৰ নিয়মীয়া পাঠ্যক্ৰমৰ পৰিৱৰ্তে কোচিং চেণ্টাৰত নামভৰ্তি কৰা সকলো যোগ্য ছাত্র-ছাত্রীকো উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীর্ণ হোৱাৰ পাছত স্কুটী প্ৰদান কৰাৰ সিদ্ধান্ত লৈছে। অৱশ্যে অহা শিক্ষাবৰ্ষৰ পৰা নিয়মীয়া পাঠ্যক্রমত নামভৰ্তি কৰা ছাত্র-ছাত্রীকহে এই আঁচনিৰ বাবে যোগ্য বুলি গণ্য কৰা হ’ব। বিৰতি বৰ্ষ (Gap year)ৰ পাছত নিয়মীয়া পাঠ্যক্রমত নামভৰ্তি কৰা ছাত্র-ছাত্রীসকলেও নিয়মীয়া পাঠ্যক্রমত নামভৰ্তি কৰাৰ লগে লগে স্কুটী লাভৰ বাবে যোগ্য বিবেচিত হ’ব।
As a special dispensation, the Government of Assam has decided to provide a scooty to all students who have joined coaching centres instead of regular courses this year, after passing the Higher Secondary (HS) examination, provided they meet the eligibility criteria. However, from the next academic year, only students who enroll in regular courses will be considered eligible for the scheme. Students who join regular courses after a gap year will also become eligible for the scooty upon enrollment in a regular course.
