National

অৱসৰ নলয় অধিনায়ক ৰোহিত শৰ্মাই, সকলো কথা স্পষ্ট কৰি দিলে অধিনায়কগৰাকীয়ে

নিউজ ডেক্স, ১০ মাৰ্চঃ
নিজৰ অধিনায়কত্বত টিম ইণ্ডিয়াৰ হৈ আন এটা খিতাপ দখল কৰি সমগ্ৰ দেশবাসীক জয়ৰ সোৱাদ দিলে ৰোহিত শৰ্মাই। তৃতীয়বাৰলৈ ICC চেম্পিয়নছ ট্ৰফীৰ খিতাপ দখল কৰিলে ভাৰতীয় দলে। ফাইনেল মেচত ৮৩টা বলত ৭৬ ৰানৰ বিস্ফোৰক ইনিংছ খেলি প্লেয়াৰ অৱ দ্যা মেচৰ সন্মান লাভ কৰে অধিনায়ক গৰাকীয়ে।
ক্ৰিকেট অনুৰাগীসকলে জল্পনা-কল্পনা চলি আছিল যে এই মেচৰ পাছতে ৰোহিত শৰ্মাই অৱসৰ ঘোষণা কৰিব পাৰে। কিন্তু চেম্পিয়নছ ট্ৰফী জয়ৰ পাছতে ৰোহিতে সকলো জল্পনা কল্পনা আৰু উৰাবাতৰিৰ অন্ত পেলাই এই বিষয়টো সন্দৰ্ভত স্পষ্ট মন্তব্য কৰে। ৰোহিত শর্মাই কয় যে ‘‘মই এদিনীয়া ফৰ্মেটৰ পৰা অৱসৰ ল’বলৈ যোৱা নাই। স্পষ্ট কৰিলো যাতে কোনো উৰাবাতৰি প্ৰচাৰ নহয়। Moving Forward’’
ৰোহিতে ইয়াৰ পূৰ্বেও স্পষ্ট কৰি দিছিল যে তেওঁ ২০২৭ চনৰ এদিনীয়া বিশ্বকাপ খেলিব বিচাৰে। তেওঁ কৈছিল যে, এই খিতাপ তেওঁ দখল কৰিব বিচাৰে।
অধিনায়ক ৰোহিত শৰ্মাই চেম্পিয়নছ ট্ৰফীৰ বিজয় সমগ্ৰ দেশক উৎসৰ্গা কৰিছিল। তেওঁ কয় যে যেতিয়া টীম ইণ্ডিয়াই খেলে, সমগ্ৰ দেশে তেওঁলোকক সমৰ্থন কৰে। ৰোহিত শৰ্মাই শ্ৰেয়াছ আয়াৰক নীৰৱ নায়ক বুলি উল্লেখ কৰিছিল।
ৰোহিতে শ্ৰেয়াছ আয়াৰৰ প্ৰশংসা কৰি কয়, “শ্ৰেয়াছ আয়াৰ আমাৰ নীৰৱ নায়ক। আয়াৰে দলটোৰ হৈ গুৰুত্বপূৰ্ণ ইনিংছ খেলিছে। আজি তেওঁ অক্সাৰ পেটেলৰ সৈতে এক গুৰুত্বপূৰ্ণ অংশীদাৰীত্ব গঢ়ি তোলে। মই মোৰ সতীৰ্থসকলক বেছি কোৱাৰ প্ৰয়োজন নাই।”

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button