National

Budget 2024 : বান নিয়ন্ত্ৰণৰ বাবে অসমলৈ বিশেষ সাহায্য বাজেটত

নিউজ ডেক্স, ২৩ জুলাইঃ

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি লোকসভাত দাখিল কৰিলে ২০২৪-’২৫ বৰ্ষৰ কেন্দ্ৰীয় বাজেট। মোদী চৰকাৰৰ তৃতীয় কাৰ্যকালৰ প্ৰথম আৰু বিত্তমন্ত্ৰী হিচাপে এয়া নিৰ্মলা সীতাৰমনৰ সপ্তম বাজেট। বিত্তমন্ত্ৰীয়ে বাজেট ভাষণত এই ঘোষণা কৰি কয় যে, অসমক প্ৰতিবছৰেই ভয়ংকৰ বানে ধুই যায়। বানৰ ফলত ৰাজ্যখনত বিস্তৰ ক্ষতি হয়।এই ক্ষয়-ক্ষতিৰ পৰিমাণ ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব। বিত্তমন্ত্ৰীয়ে বাজেট ভাষণত অসমক বান নিয়ন্ত্ৰণৰ বাবে বিশেষ সাহায্যৰ কথা ঘোষণা কৰে।
উল্লেখ কৰা প্ৰয়োজন যে, সমগ্ৰ দেশৰ বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ ২০২৪-২৫বৰ্ষৰ বাজেটত ১১,৫০০কোটি টকা ধাৰ্য কৰা হৈছে। এই ধনৰে দেশৰ বান বিধ্বস্ত ৰাজ্য কেইখনত বিশেষ আঁচনি গ্ৰহণ কৰা হব বুলি ঘোষণা কৰে বিত্তমন্ত্ৰীয়ে

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button