National

Budget 2024 : কি কি সামগ্ৰীৰ মূল্য হ্ৰাস আৰু কি কি সামগ্ৰীৰ মূল্য বৃদ্ধি হল বাজেটত?

নিউজ ডেক্স, ২৩ জুলাইঃ
সংসদত ২০২৪-২৫ বিত্তীয় বৰ্ষৰ বাজেট দাখিল কৰিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে। এনডিএ চৰকাৰৰ প্ৰথম পূৰ্ণাংগ বাজেট দাখিল বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ। মোদী চৰকাৰৰ তৃতীয় কাৰ্যকালৰ প্ৰথম আৰু বিত্তমন্ত্ৰী হিচাপে এয়া নিৰ্মলা সীতাৰমনৰ সপ্তম বাজেট। বাজেটত কেতবোৰ সামগ্ৰীৰ দাম হ্ৰাস আৰু দাম বৃদ্ধিৰ প্ৰস্তাৱ লোৱা হয়। নতুন কৰ ব্যৱস্থাত মানক কর্তন ৫০ হাজাৰৰ পৰা ৭৫ হাজাৰ টকালৈ বৃদ্ধি কৰা হৈছে।
এইবাৰৰ বাজেটত ৯টা বিষয়ৰ ওপৰত জোৰ দিয়া হৈছে। তাৰ ভিতৰত আছে শিক্ষা, প্ৰশিক্ষণ, কৃষি উৎপাদন, কৰ্মসংস্থাপন, আন্তঃগাঁথনি। বাজেটত গুৰুত্ব দিয়া হৈছে গৰীৱ, যুৱ, মহিলা আৰু কৃষকসকলৰ ওপৰত।
ইয়াৰ উপৰিও বিত্তমন্ত্রীয়ে মোবাইল ফোন চাৰ্জাৰ, লিথিয়াম বেটাৰী, চামৰাজাতীয় সামগ্ৰী সস্তা কৰাৰ কথা ঘোষণা কৰিছে। ইয়াৰ উপৰিও কেন্সাৰৰ ঔষধো সস্তা কৰি তোলা হ’ল। ইয়াৰ দ্বাৰা লিথিয়াম আয়ন বেটাৰী সস্তা কৰাৰ কথা ঘোষণা কৰা হৈছে। অর্থাৎ ইলেকট্রিক বাহন সমূহো সস্তা হ’ব পাৰে। চৰকাৰে আমদানি শুল্ক হ্ৰাস কৰাৰ ফলত দাম কমিব সোণ, ৰূপ ।
কেঞ্চাৰৰ তিনিবিধ জীৱনদায়িনী ঔষধৰ শুল্কও ৰেহাই দিব কেন্দ্ৰই।
প্লেটিনামৰ ওপৰত ৬.৪% শুল্ক হ্রাস৷
মোবাইল ফোন আৰু চাৰ্জাৰৰ শুল্ক ১৫% হ্রাস৷
কপাহী কাপোৰ আৰু জোতা সস্তা হ’ব৷
সোণ আৰু ৰূপৰ ওপৰত ৬% কম শুল্ক৷

দাম বাঢ়িব পাৰে প্লাষ্টিকজাতীয় সমগ্ৰীৰ
চৰকাৰে আমদানি শুল্ক বৃদ্ধি কৰিবলৈ যোৱাৰ ফলত দাম বাঢ়িব পাৰে পিভিচি আৰু প্লাষ্টিকজাতীয় সামগ্ৰীৰ। বিমান যাত্রা ব্যয়বহুল ৷ চিগাৰেটও দামী হৈ পৰিল

আয়কৰক লৈ ঘোষণা বাজেটত
বছৰি ৩ লাখ টকা উপাৰ্জনলৈ ৰেহাই দিয়া হৈছে আয়কৰ।
৩ৰ পৰা ৭ লাখলৈ আয়কৰ – ৫ শতাংশ
৭ৰ পৰা ১০ লাখলৈ আয়কৰ – ১০ শতাংশ
১০ৰ পৰা ১২ লাখলৈ আয়কৰ – ১৫ শতাংশ
১২ৰ পৰা ১৫ লাখলৈ আয়কৰ – ২০ শতাংশ

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button