Crime
ওদালগুৰিত ৰাজ্য জোকাৰি যোৱা ভয়ংকৰ ঘটনা, নিৰুদ্দিষ্ট দুই ভাতৃৰ সৈতে নৃশংস ঘটনা
নিউজ ডেক্স, ২১ ডিচেম্বৰঃ
ওদালগুৰিৰ টংলাত সংঘটিত হৈছে এক গাৰ নোম শিয়ৰি উঠা ঘটনা৷ শুকুৰবাৰে বিদ্যালয়লৈ গৈ নিখোজ হোৱা দুই ছাত্ৰৰ মৃতদেহ আজি উদ্ধাৰ৷ স্কুলৰ ইউনিফৰ্ম পিন্ধি থকা অৱস্থাতে উদ্ধাৰ মৃতদেহ দুটা৷ উল্লেখ্য যে, টংলা কেন্দ্ৰীয় জাতীয় বিদ্যালয়ৰ দুই ছাত্ৰ গৌৰৱ শৰ্মা আৰু কৌশিক শৰ্মা আছিল ৷ শুকুৰবাৰৰ দুয়ো ছাত্ৰ নিৰুদ্দিষ্ট হোৱাৰ পাছত দুয়োকে বিচাৰি চলাথ কৰাৰ পাছতো কোনো সম্ভেদ পোৱা নাছিল।
আজি টংলাৰ সস্তপাৰাত দুয়ো ছাত্ৰৰ মৃতদেহ উদ্ধাৰ হৈছে। সন্দেহ কৰা অনুসৰি কোনো দুৰ্বৃত্তই হত্যা কৰি পেলাই থৈ গৈছে। দুয়োগৰাকী ছাত্ৰৰে মৃতদেহ ডিঙি কাটি থোৱা অৱস্থাত উদ্ধাৰ হৈছে। কিশোৰ দুজনক কোনে হত্যা কৰি পেলাই থৈ গ’ল এতিয়াও জানিব পৰা হোৱা নাই। ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।