National

বঙাইগাঁৱত ভয়ংকৰ পথ দুর্ঘটনা, একেলগে প্রাণ হেৰুৱালে পিতৃ-কন্যাই

নিউজ ডেক্স, ২২ নৱেম্বৰঃ
পুৱাই বঙাইগাঁৱত সংঘটিত হৈছে এক শোকাৱহ পথ দুৰ্ঘটনা। ভয়ংকৰ পথ দুৰ্ঘটনাত একেলগে প্রাণ হেৰুৱালে পিতৃ-কন্যাই। এই শোকাৱহ পথ দুর্ঘটনাটো সংঘটিত হৈছে বঙাইগাঁও জিলাৰ তালগুৰীৰ নিত্যবজাৰৰ ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত। একেলগে ট্রেভেলাৰ, যাত্রীবাহী বাছ আৰু এখন বাইকৰ মাজত ভয়ংকৰ মুখামুখী সংঘর্ষ হয়।
ঘটনা অনুসৰি কন্যাক বিদ্যালয়ত বাইকেৰে থ’বলৈ গৈছিল পিতৃ। পুৱা বহলপুৰৰ SFS বিদ্যালয়লৈ কন্যাক থবলৈ যোৱা লগতে নিজেও কর্মথলীলৈ বুলি ওলাই অহাৰ সময়তে সংঘটিত হয় এই দুর্ঘটনা। দুর্ঘটনাটোত নিহত হোৱা পিতৃগৰাকী পেছাত এগৰাকী শিক্ষক নাছিৰ আহমেদ, আৰু নিহত কন্যাগৰাকী শাহনাজ আহমেদ বুলি জানিব পৰা গৈছে।
দুৰ্ঘটনাটোৰ পাছতে পথ অৱৰোধ কৰে ক্ষুব্ধ ৰাইজে। ৰাষ্ট্ৰীয় ঘাইপথত অৱৰোধ কৰি ক্ষোভিত ৰাইজে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। উত্তেজিত ৰাইজে জ্বলাই দিয়ে আল্ট্রা বাছখন।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button