National

ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈ অনা হ’ব প্ৰৱঞ্চক বিশাল ফুকনক

নিউজ ডেক্স, ৯ ছেপ্তেম্বৰঃ

ট্ৰেডিংৰ কেলেংকাৰীত জড়িত বিশালক ডিব্ৰুগড় কাৰাগাৰৰ পৰা গুৱাহাটীলৈ অনা হ’ব ।CIDলৈ হস্তান্তৰ কৰা হৈছে বিশাল ফুকনৰ গোচৰ। বৰ্তমান ডিব্ৰুগড় কাৰাগাৰত আছে বিশাল ফুকন। আদালতত আবেদন জনাই SITয়ে বিশাল ফুকনক নিজৰ জিম্মাত বিচাৰিব। ইতিমধ্যে ডিব্ৰুগড়ৰ বিশাল ফুকনৰ গোচৰ CID লৈ হস্তান্তৰ কৰা হৈছে।

অসম আৰক্ষীৰ CIDৰ SITয়ে আৰম্ভ কৰিব এই গোচৰৰ তদন্ত। উল্লেখযোগ্য যে, শনিবাৰে ডিব্ৰুগড়ত আদালতত হাজিৰ কৰোৱাৰ পাছত ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয় মহাপ্ৰবঞ্চক বিশাল ফুকনক। বিশাল ফুকনৰ প্ৰবঞ্চনাৰ ঘটনাৰে সাঙোৰ পাই পৰিছে অসমৰ সাংস্কৃতিক ক্ষেত্ৰৰ কেইবাগৰাকীও তাৰকাৰ নাম। তাৰপিছতে অসম আৰক্ষীয়ে এই ঘটনাৰ তদন্তৰ দায়িত্ব চিআইডিক অৰ্পণ কৰে।

প্ৰয়োজনসাপেক্ষে তদন্তৰ ভাৰ চিবিআইকো দিয়া হ’ব বুলি শনিবাৰে ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে।সমানে তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে ডিব্ৰুগড় আৰক্ষীয়েও। আৰক্ষীয়ে ডিব্ৰুগড়ৰ একাংশ চিকিৎসকলৈ জাননী প্ৰেৰণৰ প্ৰস্তুতি চলাইছে। বিশালক জেৰাৰ কালত ডিব্ৰুগড়ৰ একাংশ চিকিৎসকে বৃহৎ পৰিমাণত বিশালক ট্ৰেডিঙৰ নামত ধন বিনিয়োগ কৰাৰ তথ্য পাইছিল আৰক্ষীয়ে।

অতি কম বয়সতে কোটি টকাৰ মালিক হোৱা বিশালৰ সম্পত্তিৰ তালিকা দেখি আৰক্ষীও হতবাক হৈছে। অধিক তথ্যৰ বাবে আৰক্ষীয়ে বিশালক আৰু অধিক জেৰা চলোৱাৰ সম্ভাৱনা আছে। ইতিমধ্যে ট্ৰেডিংৰ ক’লা অধ্যায় তথা প্ৰবঞ্চক চক্ৰৰ বিৰুদ্ধে সৰৱ অসম আৰক্ষী।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button