National

অৱশেষত মুকলি আকাশৰ তললৈ অৰবিন্দ কেজৰিৱাল!উচ্চতম ন্যায়ালয়ে মঞ্জুৰ কৰিলে কেজৰিৱালৰ জামিন

নিউজ ডেক্স, ১৩ ছেপ্তেম্বৰঃ
অৱশেষত জামিন পালে অৰবিন্দ কেজৰিৱালে। উচ্চতম ন্যায়ালয়ে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক জামিন প্ৰদান কৰিছে। দিল্লীসুৰা নীতিৰ গোচৰত চিবিআইয়ে পঞ্জীয়ন কৰা গোচৰটোত তেওঁক জামিন দিয়া হৈছে। ইডি ৰ ক্ষেত্ৰত, উচ্চতম ন্যায়ালয়ে তেওঁক ১২ জুলাইত জামিন প্ৰদান কৰে। ইয়াৰ সৈতে, কেজৰিৱালক কাৰাগাৰৰ পৰা ওলাই অহাৰ পথ পৰিষ্কাৰ কৰা হৈছে। আশা কৰা হৈছে যে কাৰাগাৰৰ পৰা ওলাই অহাৰ পিছত, তেওঁ হাৰিয়ানা নিৰ্বাচনৰ প্ৰচাৰত যোগদান কৰিব।
শীৰ্ষ ন্যায়ালয়ে ১০ মে’ত কেজৰিৱালক লোকসভা নিৰ্বাচনত প্ৰচাৰ চলাবলৈ ২১ দিনৰ অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰিছিল। প্ৰচাৰ শেষ হোৱাৰ পিছত কেজৰিৱালে ২ জুনত তিহাৰ কাৰাগাৰত আত্মসমৰ্পণ কৰিছিল। তেতিয়াৰ পৰা তেওঁ কাৰাগাৰত আছে।
সুৰা নীতিৰ গোচৰৰ সন্দৰ্ভত কেজৰিৱালক এই বছৰৰ ২১ মাৰ্চত প্ৰৱৰ্তন সঞ্চালকালয়ে গ্ৰেপ্তাৰ কৰিছিল। ইডিয়ে তেওঁক ১০ দিন ধৰি প্ৰশ্ন কৰিছিল। তেওঁক ১ এপ্ৰিলত ন্যায়িক জিম্মাত তিহাৰ কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল। চিবিআইয়ে কেজৰিৱালক গ্ৰেপ্তাৰ নকৰিলে জুলাই মাহতেই জেলৰ পৰা ওলাই আহিলহেঁতেন। ইডি গোচৰত কেজৰিৱালে ইতিমধ্যে আদালতৰ পৰা অন্তৱৰ্তীকালীন জামিন লাভ কৰিছিল। এতিয়া চিবিআই গোচৰতো জামিন পোৱাৰ পিছত ৫ মাহৰ পিছত জেলৰ পৰা মুকলি হ’ব কেজৰিৱাল।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button