চাকৰি দিয়াৰ নামত প্ৰাৰ্থীৰপৰা ধন সংগ্ৰহ কৰি গ্ৰেপ্তাৰ সংগঠনৰ ২ নেতা

নিউজ ডেক্স, ১০ ফেব্ৰুৱাৰীঃ
ADREৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ চাকৰিৰ নামত ৰাজ্যত চাকৰিৰ বজাৰ বহাৰ ভয়ংকৰ অভিযোগ উত্থাপন হৈছে। এনে বজাৰত দুই লাখ টকাৰ পৰা চাৰি লাখ টকা পর্যন্ত উঠিছে একোটা পদৰ দৰ-দাম। চাকৰি দিয়াৰ নামত ধন সংগ্ৰহ কৰি আৰক্ষীৰ জালত দিব্যাংগ মঞ্চ, অসমৰ ২ নেতা। কেইবালাখ টকা সংগ্ৰহ কৰাৰ অভিযোগ দুয়োৰে বিৰুদ্ধে। পূৰ্বে টকা বিছাৰি ফোন কৰা কল ৰেক’ৰ্ডিং হৈছিল ভাইৰেল। পাণবজাৰ থানাত এজাহাৰ দাখিল কৰিছিল একাংশ ভুক্তভোগীয়ে। অৱশেষত আৰক্ষীৰ জালত ২ নেতা ছেমিম আহমেদ আৰু নৱজিত বৰ্মন। গুৱাহাটীৰ বৰাগাঁৱৰ পৰা নিশা আটক কৰে দুয়োকে।
ক্ষুব্ধ দিব্যাংগ প্রার্থীসকলে অভিযোগ কৰা মতে দিব্যাংগ মঞ্চ, অসমৰ তথাকথিত নেতা ছেমিম আহমেদ আৰু নৱজিৎ বৰ্মনে দিব্যাংগৰ নামত সংগঠন কৰি চাকৰিৰ বজাৰ পাতিছে। নলবাৰী, ধুবুৰী, কোকৰাঝাৰ আদি স্থানৰ পৰা দিব্যাংগ প্ৰাৰ্থীক চাকৰি দিয়াৰ আশা দি লাখ লাখ টকা সংগ্ৰহ কৰিছে এই দুই দিব্যাংগ সংগঠনৰ নেতাই।