বিবাহ বিচ্ছেদ! বিয়াৰ ২৯ বছৰৰ পিছত এ আৰ ৰহমান আৰু চাইৰা বানুৰ বিচ্ছেদ

নিউজ ডেক্স, ২০ নৱেম্বৰঃ
সংগীত শিল্পী এ আৰ ৰহমান আৰু তেওঁৰ পত্নী চাইৰা বানুৱে বিবাহৰ ২৯ বছৰৰ পাছৰ পত্নীৰ পৰা পৃথক হবলৈ ওলাইছে । এই কথাই সকলোকে আচৰিত কৰিছে। এ আৰ ৰহমানৰ পত্নী চাইৰা বানুৱে তেওঁৰ স্বামীৰ পৰা পৃথক হোৱাৰ কথা ঘোষণা কৰিছে আনুষ্ঠানিকভাৱে। দম্পতীহালৰ তিনিটা সন্তান আছে, এজন পুত্ৰ এ আৰ আমিন আৰু দুগৰাকী কন্যা খাতিজা ৰহমান আৰু ৰহিমা ৰহমান। বিখ্যাত সংগীত ৰচয়িতা আৰু তেওঁৰ পত্নী ছাইৰাৰ পৃথকীকৰণৰ বাতৰিটো তেওঁলোকৰ অনুৰাগীসকলৰ বাবে এক আচৰিত ঘটনাতকৈ কম নহয়। একে সময়তে, এ.আৰ. ৰহমানে বিবাহ বিচ্ছেদৰ ওপৰত নীৰৱতা ভংগ কৰিছে।
এ আৰ ৰহমানে বিবাহ বিচ্ছেদৰ ওপৰত নীৰৱতা ভংগ কৰে
পত্নী চাইৰাৰ সৈতে বিবাহ বিচ্ছেদৰ কথা ঘোষণা কৰাৰ কেইঘণ্টামানপিছত এ আৰ ৰহমানে তেওঁ টুইটাৰত লিখিছিল, “আমি গ্ৰেণ্ড থাৰ্টিত উপনীত হোৱাৰ আশা কৰিছিলোঁ, কিন্তু এনে লাগে যে সকলো বস্তুৰ এক নেদেখা সমাপ্তি আছে। কিন্তু এনে লাগে যে, নেদেখা অন্তলৈ আগবাঢ়ি গৈ আছো। ভাঙি পৰা হৃদয়ৰ পৰা ঈশ্বৰৰ সিংহাসনো কঁপি উঠিব পাৰে। তথাপি আমি এই ভাঙি সিঁচৰিত হৈ পৰা বোৰৰ মাজত অর্থ বিচাৰো, যদিওবা ভাঙি পৰা হৃদয় পুনৰ নিজৰ ঠাইত খাপ নাখায়। মোৰ বন্ধু সকল, আপোনালোকৰ মহানুভৱতা আৰু মোৰ ব্যক্তিগত জীৱনৰ কঠিন সময়ক সন্মান কৰা বাবে ধন্যবাদ। ৰহমানে এ আৰ চাইৰা ব্ৰেকআপ হেচটেগও যোগ কৰিছিল।

বিবৃতিত কোৱা হৈছে যে “বিবাহৰ বহু বছৰৰ পিছত, শ্ৰীমতী চাইৰা আৰু তেওঁৰ স্বামী এ আৰ ৰহমানে পৃথক হোৱাৰ কঠিন সিদ্ধান্ত লৈছে। তেওঁলোকৰ সম্পৰ্কত গুৰুত্বপূৰ্ণ আৱেগিক চাপৰ পিছত এই সিদ্ধান্ত লোৱা হৈছে। ইজনে সিজনৰ প্ৰতি গভীৰ প্ৰেম থকা স্বত্বেও, দম্পতীহালে ইজনে সিজনৰ পৰা পৃথক হোৱাৰ কঠিন সিদ্ধান্ত লৈছে। দেখা গৈছিল যে উত্তেজনা আৰু অসুবিধাই তেওঁলোকৰ মাজত এক বৃহৎ ব্যৱধান সৃষ্টি কৰিছে, যিটো এই সময়ত কোনো পক্ষই দূৰ কৰিবলৈ সক্ষম হোৱা নাই। ছাইৰাই কয় যে তেওঁ এই সিদ্ধান্তটো বেদনা আৰু যন্ত্ৰণাৰ মাজত ল’বলগীয়া হৈছে।