APSC কেলেংকাৰীক লৈ চূড়ান্ত ৰায়দান আদালতৰ,ৰাকেশ পালসহ ৩২জন দোষী সাব্যস্ত
নিউজ ডেক্স, ২ জুলাইঃ
APSC কেলেংকাৰীৰ চূডা়ন্ত ৰায় ৷ আদালতে APSC ৰ কৃষি উন্নয়ন বিষয়া নিযুক্তি কেলংকাৰীতৰ সৈতে জড়িত ৪৩গৰাকী অভিযুক্তৰ ভিতৰত ৩২গৰাকী দোষী সাব্যস্ত কৰে। কৃষি উন্নয়ন বিষয়া নিযুক্তি কেলেংকাৰীৰ দোষী সাব্যস্ত ৰাকেশ পাল। ৰাকেশ পাল, ছামেদুৰ ৰহমান, বসন্ত দলেক দোষী সাব্যস্ত আদালতৰ। । PC আইনৰ ৭ নং ধাৰাৰ অধীনত ৭-১০ বছৰৰ কাৰাদণ্ড।
২০১৭ চনত ভাঙাগড় থানাত ৰুজু হৈছিল গোচৰ ৷ প্ৰতিটো পদৰ বিনিময়ত ৰাকেশ পাল বাহিনীৰ বিৰুদ্ধে ১৫ লাখকৈ টকা লোৱাৰ অভিযোগ৷
আনহাতে দোষ মুক্ত হ’ল ১০ অভিযুক্ত ভিতৰত ৬ গৰাকী প্রাৰ্থী আৰু ৫গৰাকী মধ্যভোগী। দোষমুক্ত ঘোষণা কৰা সকল হৈছে- বিকাশ পিন্সা, কৌশিক কলিতা, কুণাল দাস, জ্যোতিবন দত্ত, ফিৰোজ, বিউতি গগৈ, শৈজালী জোহৰী, ধৃতিমান ৰয়, মৌচুমী শইকীয়া, মোশ্বাৰফ হুছেইন। ইয়াৰে দালালৰ অভিযোগত অভিযুক্ত আছিল কৌশিক কলিতা আৰু কুণাল দাস।
কৃষি উন্নয়ন বিষয়া নিযুক্তি কেলেংকাৰী গোচৰৰ ৰায়দান প্ৰদান কৰে আদালতে। বৰ্তমান আদালতৰ পৰাই জেললৈ যাব লাগিব এই দোষী ৩২গৰাকী ব্যক্তি। দোষী সাব্যস্ত হোৱা কেউজনেই হেৰুৱাব চাকৰি। দোষী সাব্যস্ত হোৱা সকলৰ তালিকা প্ৰকাশ- ৰাকেশ পাল, বসন্ত কুমাৰ দলে, ছামেদুৰ ৰহমান, সংঘমিত্ৰা শ্যাম, কবীন কিল্লিংপি, সত্যনাথ ডেকা, শ্বাহিদ আজিজ হক, বিশ্বজিত দলে, ৰৌচন ৰইফ, দীপাংক বাৰিক, বিদ্যুত কুমাৰ দাস, ঋতুৰাজ সোণোৱাল, অল্পনা ডেউৰী, প্ৰিয়ংকা বৰা, বৰ্ণালী মেধি, ছুইটি বৰা হাজৰিকা, মফিদা বেগম শইকীয়া, প্ৰীতি দাস, কেশৱানন্দ বৰা, অঞ্জন লয়িং, জয়ন্ত জিৎ দাস, কল্যাণ শৰ্মা, প্ৰণৱ ভৰালী, বিপুল কুমাৰ ডেকা, কমল কৃষ্ণ দাস, জ্যোতি ৰেখা দাস, অলক কুমাৰ মালী, ফণীন্দ্ৰ শইকীয়া, প্ৰাঞ্জল বৰ্মন, জয়ন্ত চাবুকধৰ, বৈচিত্ৰ হাকমাওচা, ৰোষেশ্বৰ টিমুং।