International

ভয়ংকৰ বিমান দুৰ্ঘটনা!

নিউজ ডেক্স, ৩০ জানুৱাৰীঃ

আমেৰিকাত ভয়ংকৰ বিমান দুৰ্ঘটনা । আমেৰিকান এয়াৰ লাইনছৰ এখন বিমান আৰু হেলিকপ্টাৰৰ মাজত সংঘৰ্ষ । সংঘৰ্ষৰ ফলত জ্বলি উঠে বিমানখন ।এতিয়ালৈকে আহত , নিহতৰ সংখ্যা প্ৰকাশ পোৱা নাই যদিও এই বিমান দুৰ্ঘটনাৰ ফলত অধিকাংশ যাত্ৰীৰ মৃত্যু হোৱাৰ আশংকা কৰা হৈছে। ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে বিমান দুৰ্ঘটনাৰ ভয়ংকৰ দৃশ্য।
জানিব পৰা মতে, বিমানখনত যাত্ৰী আৰু ক্ৰু মেম্বাৰসহ ৬৪ জন লোক কঢ়িয়াই নিয়াৰ বিপৰীতে দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত হেলিকপ্টাৰখনত তিনিজন লোক আছিল।আমেৰিকাৰ কেনছাছ চহৰৰ পৰা ৱাশ্বিংটনলৈ আহি আছিল বিমানখন। কিন্তু বিমান বন্দৰ পোৱাৰ আগতে এই ঘটনা সংঘটিত হয়।
দুৰ্ঘটনাগ্ৰস্ত হোৱা বিমানখন কানাডা এয়াৰৰ আছিল। বৰ্তমান ৱাশ্বিংটনৰ ৰ’নাল্ড ৰেগান আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত সকলো বিমানৰ উৰণ আৰু অৱতৰণ বন্ধ কৰি দিয়া হৈছে। হেলিকপ্টাৰ আৰু বিমানখনৰ ধ্বংসাৱশেষ বৰ্তমান পট’মেক নদীত পৰি আছে। ঘটনাস্থলীত অব্যাহত আছে উদ্ধাৰ অভিযান।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button