National

‘মই আইন মানি চলা নাগৰিক,মই আইনক বিশ্বাস কৰো’ এনিশা জেলত কটাই মুকলি আকাশৰ তলত আল্লু অৰ্জুন

নিউজ ডেক্স, ১৪ ডিচেম্বৰঃ
জে’লত এনিশা কটোৱাৰ পিছত শনিবাৰে পুৱাই মুকলি আকাশৰ তললৈ ‘পুষ্পা’ খ্যাত দক্ষিণৰ ছুপাৰষ্টাৰ আল্লু অৰ্জুন। উল্লেখ্য যে পুষ্পা ২ ছবিৰ বাবে অনুৰাগীৰ উন্মাদনাৰ ফলশ্ৰুতিত হায়দৰাবাদত সংঘটিত হোৱা পদপিষ্টৰ ঘটনাৰ বাবে শুকুৰবাৰে হায়দৰাবাদ আৰক্ষীয়ে আল্লু অৰ্জুনক গ্ৰেপ্তাৰ কৰিছিল। ইয়াৰ পিছতে নিম্ন আদালতে অভিনেতাগৰাকীক ১৪ দিনৰ বাবে জিম্মালৈ প্ৰেৰণ কৰিছিল। নিম্ন ন্যায়ালয়ৰ নিৰ্দেশৰ পিছতে কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থাৰ মাজত আল্লু অৰ্জুনক চাঞ্চলগুড়া কাৰাগাৰলৈ প্ৰেৰণ কৰা হয়। পিছত তেলেংগানা আদালতে আল্লু অৰ্জুনক জামিন মঞ্জুৰ কৰে। ইয়াৰ পিছতো অভিনেতাগৰাকীয়ে জে’লত নিশাটো কটাবলগীয়া হ’ল।জে’লৰ পৰা মুক্তি পোৱাৰ পিছত অভিনেতাগৰাকীৰ প্ৰথমটো ভিডিঅ’ প্ৰকাশ পাইছে, যিটো ভাইৰেল হৈ পৰিছে। জে’লৰ পৰা মুকলি হোৱাৰ পাছত প্ৰথম প্ৰতিক্ৰিয়া অভিনেতা আল্লু অৰ্জুনৰ। কয় যে ‘মই এজন আইন পালনকাৰী নাগৰিক। মই আইনত বিশ্বাস কৰো। মৰম আৰু সমৰ্থনৰ বাবে সকলোকে ধন্যবাদ জনাইছো।’ এইটো এটা দুৰ্ভগ্যজনক ঘটনা আছিল৷’মই পুনৰবাৰ ভুক্তভোগী পৰিয়ালটোলৈ সমবেদনা জ্ঞাপন কৰিছো । যেতিয়া মই ছবিখন চাবলৈ গৈছিলো তেতিয়া ঘটনাটো অপ্ৰত্যাশিতভাৱে ঘটিছিল ।মোৰ কাষত মৰম আৰু আৱেগেৰে থিয় দিয়া সকলোকে ধন্যবাদ । মই ভালে আছোঁ । কোনো চিন্তিত হোৱাৰ প্ৰয়োজন নাই ।”
৪ ডিচেম্বৰত হায়দৰাবাদৰ সন্ধ্যা থিয়েটাৰত আল্লু অৰ্জুন অভিনীত পুষ্পা ২ৰ প্ৰিমিয়াৰ শ্ব’ৰ সময়ত ব্যাপক জনসমাগম হৈছিল।অভিনেতাগৰাকীক চাবলৈ হেতা-ওপৰা লগাইছিল অনুৰাগীয়ে। এনে পৰিস্থিতিত পদপিষ্ট হৈ প্ৰাণ হেৰুৱাইছিল এগৰাকী মহিলাই। লগতে তেওঁৰ পুত্ৰও এই ঘটনাত গুৰুতৰভাৱে আহত হৈছিল। সামাজিক মাধ্যমত এই ঘটনাত দুখ প্ৰকাশ কৰি আল্লু অৰ্জুনে নিহত মহিলাগৰাকীৰ পৰিয়াললৈ ২৫ লাখ টকাৰ আৰ্থিক সাহায্য ঘোষণা কৰাৰ লগতে প্ৰয়োজনীয় সকলো সহায় আগবঢ়োৱাৰ আশ্বাস দিছিল। নিহত মহিলাগৰাকীৰ পৰিয়ালক নিজে সাক্ষাৎ কৰিব বুলিও প্ৰতিশ্ৰুতি দিছিল অভিনেতাগৰাকীয়ে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button