National

সদস্যৰ পৰা সম্পাদকলৈসমীৰণ ফুকনৰ কান্ধত আছুৰ গুৰু দায়িত্ব

নিউজ ডেক্স, ২৮ জানুৱাৰীঃ

আছুৰ নতুন সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত সমীৰণ ফুকন। সদৌ অসম ছাত্ৰ সন্থাৰ শিৱসাগৰ সাধাৰণ সভাৰ বিশাল প্ৰতিনিধি সভাই নিশা আছুৰ নৱ নিৰ্বাচিত সাধাৰণ সম্পাদক হিচাপে মনোনীত কৰে সমীৰণ ফুকনক।
পৰাগ চলিহা ষ্টেডিয়ামত অনুষ্ঠিত আছুৰ প্ৰতিনিধি সভাই ফুকনক মনোনীত কৰে। অনাগত তিনিটা বছৰৰ বাবে সদৌ অসম ছাত্ৰ সন্থাক নেতৃত্ব প্ৰদান কৰিব শিৱসাগৰৰ সমীৰণ ফুকনে। দীৰ্ঘদিনে সংগঠনটোত নাছিল এগৰাকী স্থায়ী সাধাৰণ সম্পাদক।
সাধাৰণ সম্পাদকৰ দৰে গুৰু দায়িত্ব লাভ কৰা সমীৰণ ফুকনৰ জন্ম হয় ১৯৮৯ চনৰ ১৯ চেপ্তেম্বৰত ৷ সমীৰণ ফুকনৰ পিতৃ তাৰাপ্ৰসন্ন ফুকন চাৰিঙৰ শ্বহীদ মণিৰাম দেৱান মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ। আনফালে মাতৃ অঞ্জলী বৰুৱা ফুকন এগৰাকী অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী৷
২০০৫ বৰ্ষত সদৌ অসম ছাত্ৰ সন্থাৰ সৈতে পোনপটীয়াকৈ জড়িত হৈ জয়সাগৰত এটা প্ৰাথমিক গোট গঠন কৰি তাৰ সাধাৰণ সম্পাদকৰূপে আছুৰ মজিয়াত যাত্ৰা আৰম্ভ কৰে৷ কলেজীয়া দিনতো সক্ৰিয় ছাত্ৰ ৰাজনীতিত জড়িত আছিল সমীৰণ ফুকন। ২০২২ বৰ্ষৰ ছেপ্তেম্বৰ মাহত আছুৰ সহকাৰী সাধাৰণ সম্পাদকৰূপে নিৰ্বাচিত হৈ ২০২৩ বৰ্ষৰ নৱেম্বৰত অনুষ্ঠিত অষ্টাদশ মৰিগাঁও অধিৱেশনলৈকে উক্ত পদবীত কাৰ্যনিৰ্বাহ কৰে ৷ ২০২৩ বৰ্ষৰ নৱেম্বৰৰ পৰা ২০২৪ বৰ্ষৰ ডিচেম্বৰ পৰ্যন্ত আছুৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকৰূপে থাকি পুনৰ সহকাৰী সাধাৰণ সম্পাদক নিৰ্বাচিত হয় ৷
প্ৰতিনিধি সভাত শিৱসাগৰ ছাত্ৰ নেতাজনক মনোনীত কৰাৰ কথা ঘোষণা কৰাৰ পিছতেই জিলাখনৰ চৌপাশত এক আনন্দমুখৰ পৰিৱেশে সৃষ্টি হয়।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button