National

ADRE পৰীক্ষা দিবলৈ আহি দুৰ্ঘটনাত পতিত পৰীক্ষাৰ্থী, থিতাতে নিহ… পৰীক্ষাৰ্থী মিলন গগৈ

নিউজ ডেক্স ২৭ অক্টোবৰঃ
ডিব্ৰুগড়লৈ পৰীক্ষা দিবলৈ আহি টিংখঙৰ এজন যুৱকৰ দুৰ্ঘটনাত পতিত হৈ থিতাতে মৃত্যু।মহানগৰৰ দাঁতিকাষৰীয়া ঠাকুৰথানৰ বজাৰৰ সমিপত চলাই অহা মটৰ বাইক স্পিড ব্ৰেকাৰত নিয়ন্ত্রণ হেৰুৱাই আন এখন বাহনৰ পিছফালে খুণ্ডা মাৰে।যাৰ ফলত থিতাতে মৃত্যু হয় যুৱক জনৰ।যুৱক জনৰ নাম মিলন গগৈ বুলি জানিব পৰা গৈছে।টিংখঙ ৰাইডঙীয়াৰ যুৱকজনে বকুল পলিটেকনিক ইন্সটিটিউটৰ চেন্টাৰত পৰীক্ষাত বহি নিজৰ প্ৰয়োজনীয় নথি পত্ৰ আনিবলৈ পাহৰি যোৱা কথা গম পায়। তেতিয়া পুনৰ পৰীক্ষা হলৰ পৰা নিজা ঘৰলৈ উভতি যায় নথি পত্ৰ আনিবলৈ। লগতে নিজৰ জেষ্ঠ্য ভাতৃকো নথি পত্ৰ খিনি টিংখঙৰ পৰা লৈ আগবাঢ়ি আহিবলৈ কয়।সেই অনুপাতে জেষ্ঠ্য ভাতৃয়ে নথি-পত্ৰ খিনি টিংখঙৰ পৰা আনি থাকুৰ ঠানাৰ সমিপত দিয়ে সেই নথি-পত্ৰ লৈ মিলন গগৈয়ে পুনৰ পৰীক্ষা হললৈ যাওঁতেই হুৱাদুৱত এই কৰুণ দুৰ্ঘটনাটো সংঘটিত হয়।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button