ৰেপিড’ৰ বাবে ৰৈ থকা মৌচুমী গগৈক শেষ কৰিলে ভূপেন দাসে, লোমহৰ্ষক ঘটনাৰ চাঞ্চল্যকৰ তথ্য
নিউজ ডেক্স, ২৬ ডিচেম্বৰ
মহানগৰীৰ ৰাজপথত দিন দুপৰতে ছুৰিৰে আক্ৰমণ এগৰাকী যুৱতীক। মহানগৰীৰ দিছপুৰ লাষ্টগে’টৰ নাহৰনি পথত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। ৰেপিড’ৰ বাবে ৰৈ থকাৰ সময়তে যুৱতীগৰাকীক আক্ৰমণ কৰে দুৰ্বৃত্তই। দুৰ্বৃত্তৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় যুৱতীগৰাকী। আহত যুৱতীগৰাকীক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। মৃত যুৱতীগৰাকীৰ নাম মৌচুমী গগৈ।
জানিব পৰা মতে, স্বাস্থ্যৰ বিভাগৰ কৰ্মচাৰী আছিল মৌচুমী। পিতৃ এগৰাকী আৰক্ষী বিষয়া। মৌচুমী গগৈৰ প্ৰকৃত ঘৰ মৰাণত। গুৱাহাটীৰ লাষ্টগে’টৰ নাহৰণি পথত এমাহ ধৰি ভাৰাতীয়া হিচাপে আছিল মৌচুমী গগৈ।মৌচুমী গগৈৰ হত্যাকাৰীক চিনাক্ত কৰা হয়৷ ভূপেন দাস নামৰ এজন কেব চালকে সংঘটিত কৰে এই ঘটনা
এই ঘটনা সংঘটিত কৰি নিজকে শেষ কৰাৰ চেষ্টা চলায় ভূপেন দাসে। চোকা অস্ত্ৰৰে নিজকে শেষ কৰাৰ চেষ্টা চলায় যুৱকজনে। বৰ্তমান জিএমচিএইচত চিকিৎসাধীন হৈ আছে ভূপেন দাস।
খবৰ অনুসৰি, ঘাতক ভূপেনৰ সৈতে দুবছৰ ধৰি প্ৰেমৰ সম্পৰ্ক আছিল মৌচুমীৰ। কিন্তু ভূপেন দাস আছিল বিবাহিত। শেহতীয়াকৈ মৌচুমীয়ে ভূপেন বিবাহিত বুলি জানিব পাৰিছিল। তাৰ পিছতে ভূপেনৰ পৰা দূৰত্ব বজাই ৰখাৰ চেষ্টা কৰিছিল মৌচুমীয়ে। ভূপেন দাসৰ পাৰ্চত উদ্ধাৰ হৈছে মৌচুমী গগৈৰ কেইবাখনো ফটো।