সপোনৰ সংসাৰ গঢ়াৰ আধৰুৱ হৈ ৰ’ল,প্ৰেয়সীক পলুৱাই নি থাকোঁতেই ৰাজপথত ঘটিল মৰ্মান্তিক ঘটনা

নিউজ ডেক্স, ২ নৱেম্বৰঃ
শুকুৰবাৰে নিশা কাছাৰ জিলাৰ সোনাই আমজুৰঘাট গাছতলাত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা । দ্ৰুতত গতিত বাইকেৰে প্ৰেমিকাক পলাই লৈ যোৱাৰ সময়ত এখন দলং ৰ ৰেলিঙত খুন্দা মাৰি থিতাতে মৃত্যু প্ৰেমিকৰ। লগতে গুৰুতৰ আহত হৈছে প্ৰেমিকা সহ মৃত প্ৰেমিকৰ এজন বন্ধু ৷ মৃত যুৱক জন সোনাই কাপ্তানপুৰৰ সঞ্জিত ৰবিদাস বুলি জানিব পৰা গৈছে ।
জানিব পৰা মতে, সঞ্জিত ৰবিদাসে এসপ্তাহ পূৰ্বে সোনান আমজুৰঘাটৰ এগৰাকী নাবালিকা কিশোৰীক পলাই লৈ গৈছিল। পিছত আৰক্ষীয়ে কিশোৰী গৰাকীক উদ্ধাৰ কৰি অভিভাৱকৰ হাতত চমজাই দিয়ে। ইয়াৰ পিছত শুকুৰবাৰে নিশা পুনৰ কিশোৰীগৰাকীক পলাই লৈ যোৱাৰ চেষ্টা কৰে যুৱকজনে। প্ৰতিবেশী এগৰাকী বন্ধুক লগত লৈ নিশা এখন বাইকেৰে কিশোৰী গৰাকীক পলাই লৈ যোৱাৰ সময়ত ভয়ংকৰ দুৰ্ঘটনাৰ কৱলত পৰি মৃত্যু হয় সঞ্জিত ৰবিদাস নামৰ যুৱকজনৰ।
প্ৰত্যক্ষদৰ্শী সকলৰ মতে, দ্ৰুতগতিত বাইক খন যোৱাৰ সময়ত আমজুৰঘাট গাছতলাত এখন দলংৰ ৰেলিঙত খুন্দাই মাৰে বাইকখনে ৷ ফলত বাইক সহ বাইকত থকা তিনিজন ৰাজপথত বাগৰি পৰে। আৰু থিতাতে মৃত্যু হয় সঞ্জিত ৰবিদাস নামৰ প্ৰেমিক যুবক জন। লগতে গুৰুতৰ ভাৱে আহত হয় তেওঁৰ প্ৰেমিকা সহ তেওঁৰ বন্ধু । ভয়ংকৰ এই দুৰ্ঘটনাৰ পাছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ সহ আহত দুজনক উদ্ধাৰ কৰি শিলচৰ মেডিকেল কলেজত প্ৰেৰণ কৰে ।