Crime

পুত্ৰৰ সৈতে ভয়ংকৰ কাণ্ড কৰি,পিতৃয়েও বাছি ল’লে চৰম সিদ্ধান্ত!

নিউজ ডেক্স, ৮ নৱেম্বৰঃ
গহপুৰৰ সোলেঙীত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা। পাষাণ পিতৃৰ হাতত প্ৰাণ গ’ল ৭ বছৰীয়া পুত্ৰৰ। শোৱাপাটীতে গাৰুৰে হেঁচি হত্যা নিজ পুত্ৰক। তাৰ পাছত নিজেও ল’লে চৰমপন্থা। ঘটনাত তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে গহপুৰত। ঘটনাস্থলীত ইতিমধ্যে আৰক্ষী উপস্থিত হৈছেগৈ।
জানিব পৰা মতে, পত্নী ঘৰত নথকাৰ সুযোগ লৈ মৃগাংক শইকীয়াই শোৱাপাটীতে গাৰুৰে হেঁচি হত্যা কৰিছিল নিজ পুত্ৰক। ঘটনা সংঘটিত কৰিয়েই স্কুটিৰে পলায়ন কৰিছিল মৃগাংক শইকীয়াই। তাৰ পাছত নিশা গহপুৰ আৰক্ষী থানাৰ অন্তৰ্গত বড়িগাঁও তিনিআলিৰ সমীপত নিৰ্মীয়মাণ এটা দুই মহলীয়া অট্টালিকাত আত্মহত্যা কৰে পাষাণ পিতৃ মৃগাংক শইকীয়াই।
কিন্তু কিয় পুত্ৰ হত্যাৰ দৰে মহাপাপ কৰিলে মৃগাংক শইকীয়াই? সেই সন্দৰ্ভত এতিয়ালৈকে জানিব পৰা হোৱা নাই। অনুশোচনা নে আন কিবা কাৰণত মৃগাংক শইকীয়াই ল’লে চৰমপন্থা?এই প্ৰশ্নৰ উত্তৰো এতিয়ালৈ পোহৰলৈ অহা নাই।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button