শিৱসাগৰত বিধ্বংসী অগ্নিকাণ্ডত জীৱন্তে এজন লোক…

নিউজ ডেক্স, ১ নৱেম্বৰঃ
পোহৰা উৎসৱ দিপাৱলীত শিৱসাগৰৰ বহুকেইটা পৰিয়াললৈ নামি আহিল অন্ধকাৰ ৷ শিৱসাগৰৰ সদৰ থানাৰ সমীপৰ লক্ষীপ্ৰিয়া পথৰ (৭নং ৱাৰ্ড) কাষৰ ১১ টা ভাড়াঘৰত সংঘটিত হ’ল ভয়ংকৰ অগ্নিকাণ্ড ৷ বিধ্বসী অগ্নিকাণ্ডত এজন ব্যক্তি জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু মুখত পৰে। মৃত ব্যক্তিজনৰ নাম ৰাম যতন মাহাতো। অগ্নিকাণ্ডত আন এজন ব্যক্তি জীৱন্তে অগ্নিদগ্ধ হয়। অগ্নিকাণ্ডত অগ্নিদগ্ধ হোৱা শ্যাম মাহাতো চিকিৎসালয়লৈ প্ৰেৰন।
অগ্নি নিৰ্বাপক বাহিনীৰ তৎপৰতাত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়। অসম ৰাজ্যিক অগ্নি নিৰ্বাপক বাহিনী তথা অ এন জি চিৰ অগ্নি নিৰ্বাপক বাহিনীৰ কেইবাখনো বাহনে জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়।
আনহাতে জুই লগা স্থানত কেইবাটাও গেছ চিলিণ্ডাৰৰ বিস্ফোৰণ হোৱা বুলি ৰাইজে জানিবলৈ দিয়ে। ভাৰাঘৰত চানাৱালা,ৰং কৰা মিস্ত্ৰী আৰু খাদ্য প্ৰস্তত কৰা কাৰিকৰ ভাড়াতীয়া হিচাপে আছিল। ঘটনাস্থলীত নিশা দণ্ডাধীক্ষ উপস্থিত হৈ মৃত ব্যক্তি জনৰ অৱশিষ্ট উদ্ধাৰ কৰে। পোহৰৰ উৎসৱ দিপাৱলীৰ আনন্দ উল্লাহৰ মাজতে শিৱসাগৰৰ সদৰ থানাৰ সমীপতে সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডই শিৱসাগৰত শোকৰ ছাঁ পেলাইছে ৷