National

প্ৰয়াগৰাজৰ কুম্ভমেলাত পদপিষ্ট হৈ মৃ*ত্যু অসমৰ এজন ভক্তৰ

নিউজ ডেক্স, ২৯ জানুৱাৰীঃ

প্ৰয়াগৰাজত চলি থকা মহাকুম্ভত পদপিষ্টৰ ঘটনা। মৌনী অমাবস্যা উপলক্ষে অমৃত স্নান কৰিবলৈ ত্ৰিবেণী সংঙ্গমস্থলীলৈ ভক্তই দৌৰাদৌৰি কৰাৰ সময়তে এই অঘটন সংঘটিত হয়। সেই অঘটনত অসমৰ লোক এজন পদপিষ্ট হৈ আহত হৈছিল৷ আহত লোকজনৰ নাম নিতিৰঞ্জন পাল। সংকটজনক অৱস্থাত চিকিৎসালয়ৰ ICUত ভৰ্তি কৰোৱা হৈছিল লোকজনক।অৱশেষত চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় নিতিৰঞ্জন পালৰ।
হাইলাকান্দিৰ পৰা মহাকুম্ভ মেলালৈ গৈছিল লোকজন। নিতিৰঞ্জন পাল হাইলাকান্দিৰ এজন ব্যৱসায়ী। মৌনি অমাৱশ্যাত স্নান কৰিবলৈ গৈ নিহত ১০ গৰাকী ভক্ত। ভক্তৰ মাজত হোৱা ঠেলা-হেঁচাত পদপিষ্ট ৩০ৰো অধিক লোক।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button